Ranoj Pegu

অসমৰ দ্বিতীয় বৃহত জনগোষ্ঠী মিচিং সকলে মিচিং স্বায়ত্বশাসিত পৰিষদৰ এলেকাক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ মৰ্য্যদা প্ৰদানৰ দাবীত দীঘলীয়া সংগ্ৰাম অব্যাহত ৰাখিছে। সাম্প্ৰতিক সময়ত মিচিং ছাত্ৰ সংগঠন সমূহে ন‌ ন‌ কৌশলেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। 

উল্লেখযোগ্য যে, মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি ৰাজ্য চৰকাৰে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুক অধ্যক্ষ হিচাপে লৈ মিচিং, ৰাভা হাছং আৰু তিৱা স্বায়ত্বশাসিত পৰিষদ এলেকাক ষষ্ঠ অনুসূচীৰ মৰ্য্যদা প্ৰদান ক্ষেত্ৰত শক্তিশালী পৰীক্ষাৰ বাবে কেবিনেট উপ সমিতি গঠন কৰি দিছে।