'এতিয়াৰে পৰা school leaving দশম শ্ৰেণীত নহয় দ্বাদশ শ্রেণীতহে হ'ব'- আৰু কি কি আছে নতুন শিক্ষানীতিত?

CM

আজি  আনুষ্ঠানিকভাৱে শুভাৰম্ভ হয় ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ চমুকৈ NEP ২০২০ৰ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা ভৱনত শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। লগত থাকে শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু। 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ প্ৰৱৰ্তনৰ শুভাৰম্ভ কৰে। অহা বৰ্ষৰ নামভৰ্তিৰ পৰাই নতুন শিক্ষা নীতি প্ৰযোজ্য হ'ব। NEP অনুসৰি অসমৰ প্ৰতিখন বিশ্ববিদ্যালয়ত ডিগ্ৰী কৰ্চৰ ৪ বছৰীয়া প্ৰচলন হ'ব। অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, -'ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়নৰ ব্যৱস্থা হৈছে। অসম লাহে লাহে সফলতাৰ দিশে আগবাঢ়িছে। উচ্চ শিক্ষাৰ বাবে আজিৰ দিনটো মাইলৰ খুটা হ'ব'।
লগতে তেওঁ কয় যে, ছাত্ৰ সমাজৰ বহুমুখী বিকাশৰ ওপৰত নতুন শিক্ষা নীতিয়ে গুৰুত্ব আৰোপ কৰিছে। যিকোনো বিভাগৰ শিক্ষাৰ্থীয়ে যিকোনো বিভাগ পঢ়িব পাৰিব। কলা, বিজ্ঞান, বাণিজ্য আটাইকেইটা বিভাগ মহাবিদ্যালয়ত একেলগে থাকিব লাগিব। নাথাকিলে নিৰ্মাণ কৰিব লাগিব। ইয়াৰোপৰি, প্ৰতিখন মহাবিদ্যালয়তে সকলো শাখাৰ সংযোজন কৰিব লাগিব। পাঠদান আৰু শিক্ষণৰ ক্ষেত্ৰত NEP 2020 নতুন নিদৰ্শন দিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

উচ্চ শিক্ষাৰ তিনিটা ভাগ হ'ব। সেইয়া হৈছে-
১) প্ৰথম ভাগ শিক্ষানুষ্ঠান- য'ত বিশ্বমানৰ গৱেষণা হ'ব।
২) দ্বিতীয় ভাগ শিক্ষানুষ্ঠান- সৰ্বোচ্চ গুৰুত্ব পাঠদানত দিয়া হ'ব। গৱেষণাও সমাহিত হৈ থাকিব।
৩) তৃতীয় ভাগ শিক্ষানুষ্ঠান- স্নাতকৰ লগতে পাঠদানৰ ওপৰত গুৰুত্ব দিয়া হ'ব।

আনহাতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে, এই শিক্ষা ব্যৱস্থাত Multiple entry and exitৰ সুবিধা থাকিব। এতিয়াৰে পৰা school leaving দশম শ্ৰেণীত নহয় দ্বাদশ শ্রেণীতহে হ'ব। মেট্ৰিকত স্থান প্ৰাপকৰ সংখ্যা ১০টাতকৈ অধিক নাথাকিব।
 

Category
Profile picture for user UB Photos