এতিয়াৰে পৰা মাধ্যমিক শিক্ষকৰ নিযুক্তিত নালাগিব টে'ট; এই ঘোষণা শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ..........

Ranoj Pegu

এতিয়াৰে পৰা নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ মাধ্যমিক পৰ্যায়ৰ শিক্ষক পদৰ বাবে টে'ট পৰীক্ষা দিব নালাগে। এই কথা ঘোষণা কৰিলে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।

উল্লেখ্য যে, নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হ'বলৈ টে'ট পৰীক্ষা দিব লাগিব। কিন্তু উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বাবে নালাগে টে'ট পৰীক্ষা।

ইয়াৰ পৰিৱৰ্তে এতিয়াৰে পৰা হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষক প্ৰাৰ্থীসকলে ডাইৰেক্ট ৰিক্ৰুইটমেন্ট টেষ্ট দিব লাগিব।

অৱশ্যে নেশ্যনেল কাউঞ্চিল ফৰ ৰিছাৰ্চে নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিদ্যালয়ৰ শিক্ষকৰ বাবে টে'ট পৰীক্ষা বাধ্যতামূলক কৰা নাই আৰু এয়া শিক্ষাৰ অধিকাৰ আইনৰ আওতাতো নপৰে। সেয়েহে, এতিয়াৰে পৰা শিক্ষা বিভাগে এই দুটা পৰ্যায়ৰ বাবে টে'ট পৰীক্ষা নপতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

দেশৰ উচ্চ শিক্ষাৰ শীৰ্ষ সংস্থা এছ'চিয়েশ্যন অব্ ইণ্ডিয়ান ইউনিভাৰ্চিটিজে ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ত ২১, ২২ নৱেম্বৰত পূব মণ্ডলৰ উপাচাৰ্যসকলৰ এখন বিশেষ সন্মিলন আয়োজন কৰিছে। এই সভাতে এই কথা ঘোষণা কৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।

Category
Profile picture for user UB Photos