প্ৰতিশ্ৰুতি পূৰণ ৰাজ্য চৰকাৰৰ! HS ত ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰই পাব বাইক...

Himanta Biswa Sarma

বুধবাৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ । অৱশেষত প্ৰতিশ্ৰুতি পূৰণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । প্ৰতিশ্ৰুতি অনুসৰি এইবাৰৰ পৰা ছাত্ৰসকলক দিয়া হব মটৰ চাইকেল।

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬০ শতাংশ বা তাতকৈ বেছি নম্বৰ পোৱা ছাত্ৰীসকলক দিয়া হব স্কুটী। লগতে যিসকল ছাত্ৰই ৭৫ বা তাততৈ বেছি শতাংশ নম্বৰ লাভ কৰে তেওঁলোকক দিয়া হব মটৰ চাইকেল। 

আনহাতে নৱম শ্রেণীত অধ্যয়নৰত্ব ৩,৭৮,০০০ শিক্ষাৰ্থীক দিয়া হ’ব চাইকেল। ইয়াৰ বাবে টকা ধাৰ্য কৰা হৈছে ১৬৮ কোটি ।

Category
Profile picture for user UB Photos