Medicine

পুনৰ জনতাৰ মূৰত মাধমাৰ! এইবাৰ বৃদ্ধি হ'ল দৈনিকৰূপত ব্যৱহাৰ হৈ থকা বহু গুৰুত্বপূৰ্ণ ঔষধৰ মূল্য। পেট্ৰ'ল-ডিজেলকে ধৰি অন্যান্য নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিত ইতিমধ্যে কোঙা হৈছে সাধাৰণ ৰাইজ। এনে সময়তে বৃদ্ধি পালে ঔষধৰ মূল্য। 

এতিয়াৰে পৰা প্রয়োজনীয় ঔষধ কেইবিধ কিনিবলৈ যাওঁতে ১০বাৰ ভাবিব লাগিব গ্ৰাহকে। কাৰণ সকলো ফালেই মূল্য বৃদ্ধি। এতিয়া যেন মূল্য বৃদ্ধিৰ জ্বৰে কপাঁইছে সমগ্ৰ দেশ। 

দৈনন্দিনভাৱে ব্যৱহাৰ কৰা ঔষধৰ দামো বৃদ্ধি পাইছে। মধুমেহ, ৰক্তচাপ, গেষ্ট্ৰিক আদি ঔষধৰ দাম বৃদ্ধি পাইছে। জ্বৰ, কাহ, চৰ্দি আদি ৰোগৰ ঔষধৰ দামো শেহতীয়াভাৱে অত্যধিক হাৰত বৃদ্ধি পাইছে।