
ঘাটক কৰ্কট ৰোগ নিৰাময়ৰ ঔষধ ওলাইছে। আমেৰিকা নাইবা অন্য কোনো উন্নত ৰাষ্ট্ৰত নহয় , চিকিৎসা বিজ্ঞানক প্ৰত্যাহ্বান জনাব পৰা এনে সম্ভাৱনা কঢ়িয়াই আনিছে টিংখাঙৰ এখন ভিতৰুৱা গাঁৱৰ এজন বিশেষ ব্যক্তিয়ে।
প্ৰাণঘাটি কৰ্কট ৰোগৰ চিকিৎসাৰ ওপৰত নিজা গৱেষণা , ঔষধ প্ৰস্তুত আৰু প্ৰয়োগেৰে বহুতৰে জীৱনৰ ত্ৰাণকৰ্তা হিচাপে পৰিচিত হৈছে টিংখাঙৰ দুৰ্লভ গগৈ। টিংখাঙৰ নলনী-কপহুৱা গাঁৱৰ সাধাৰণ মানুহজনে কৰি দেখুৱাইছে অসাধাৰণ কাম। কিছুবছৰ পূৰ্বে ব্লাদ কেঞ্চাৰত আক্ৰান্ত হোৱা তেওঁৰ পুত্ৰৰ চিকিৎসা কৰিছিল নিজে প্ৰস্তুত কৰা বনৌষধিৰে। আৰু মাত্ৰ তিনি মাহৰ ভিতৰতে ব্লাদ কেঞ্চাৰৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হোৱা দুৰ্লভ গগৈৰ একমাত্ৰ সন্তানে এতিয়া কটাইছে এক সাধাৰণ জীৱন। ইয়াৰ পিছত বহু কেইজন কেঞ্চাৰ ৰোগীক নতুন জীৱন প্ৰদান কৰিছে তেওঁৰ জীৱন দায়িনী ঔষধে। অসমৰ বিভিন্ন প্ৰান্তৰ বহু কেঞ্চাৰ ৰোগীয়ে দুৰ্লভ গগৈৰ চিকিৎসা গ্ৰহণ কৰিছে। ইয়াৰে প্ৰায় ৯০ শতাংশ ৰোগীয়েই আৰোগ্য লাভ কৰা বুলি উল্লেখ কৰে দুৰ্লভ গগৈয়ে।
দুৰ্লভ গগৈৰ নিজা গৃহতে প্ৰস্তুত হয় এই জীৱন দায়িনী ঔষধ। " চাবাচনেগ্ৰাচ " নামৰ এবিধ বিশেষ ঔষধি উদ্ভিদৰ পৰা তৈয়াৰ কৰা হয় এই ঔষধ। গগৈয়ে নিজৰ বাৰিতে কৰি লৈছে এইবিধ ঔষধৰ খেতি। ডা: অঞ্জলি পাঠক নামৰ এগৰাকী গুজৰাটী মহিলাই ' চাবাচনেগ্ৰাচ ' নামৰ কেঞ্চাৰ প্ৰতিৰোধী বিশেষ ঔষধি গছবিধৰ সৈতে পৰিচয় কৰাই দিয়া বুলি উল্লেখ কৰে দুৰ্লভ গগৈয়ে।
উল্লেখযোগ্য যে কেৱল কেঞ্চাৰেই নহয় বহুমুত্ৰ , ব্ৰেইন টিউমাৰ , ব্ৰেইন ষ্ট'ক আদি বহু জটিল ৰোগৰো চিকিৎসা প্ৰদান কৰি আহিছে এইজন ব্যক্তিয়ে।
- Log in to post comments