Guwahati IIT

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। 

ৰাষ্ট্ৰপতি হৈ প্ৰথমবাৰৰ বাবে অসমলৈ আহিছে দ্ৰৌপদী মুৰ্মু। ত্ৰিপুৰাৰ পৰা গুৱাহাটী বিমানবন্দৰত উপস্থিত হৈছে ৰাষ্ট্ৰপতিগৰাকী।

গুৱাহাটী IITত দুপৰীয়া আহাৰ গ্ৰহণ কৰি ৩ বজাত অংশ লব IITৰ অনুষ্ঠানত। ৩ বজাত IIT ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত ‘পৰম কামৰূপা’ ছুপাৰ কম্পিউটাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। লগতে মুকলি কৰিব ‘সমীৰ’ নামৰ এটা গৱেষণাগাৰো। IITৰ পৰা ভাৰ্চুৱেলী মুকলি কৰিব ৰাজ্যৰ নৱম চিকিৎসা মহাবিদ্যালয় ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল।