Omicron Cases

ভাৰতত প্ৰথমজন অ’মিক্ৰনত আক্ৰান্ত লোকৰ মৃত্যু। ২৮ ডিচেম্বৰতে মৃত্যু হয় লোকজনৰ।
মহাৰাষ্ট্ৰত ৫২ বছৰীয়া আক্ৰান্ত এজন লোকৰ মৃত্যু ঘটিছে। কিছুদিন পূৰ্বে লোকজন নাইজেৰিয়াৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে।

মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে লোকজন মৃত্যু ক’ভিডত হোৱা নাই বুলি প্ৰকাশ কৰিছিল যদিও পুনেৰ নেচনেল ইনষ্টিটিউট অব ভাইৰ’লজিলৈ প্ৰেৰণ কৰা নমুনাৰ ফলাফলত লোকজন অমিক্ৰন ভাইৰাছত আক্ৰান্তৰ তথ্য পোৱা যায়। মৃত লোকজন মধুমেহ ৰোগতো আক্ৰান্ত আছিল।