উচ্চতম ন্যায়ালয়ৰ এক ঐতিহাসিক ৰায়দান! নিৰ্বাচনত উৎকোচ লৈ ভোট দিলে ৰঙাঘৰৰ আলহী হ'ব পাৰে আপুনি..........

court

সোমবাৰে উচ্চতম ন্যায়ালয়ৰ এক ঐতিহাসিক ৰায়দান। এইবাৰ উৎকোচ লৈ ভোট দিলে আইনী ব্যৱস্থা ল'ব উচ্চতম ন্যায়ালয়ে। উৎকোচ লৈ ভাষণ দিয়া, প্ৰশ্ন কৰা সাংসদ-বিধায়কৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ'ব। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন ৭ জনীয়া বিচাৰপীঠে প্ৰদান কৰে এই ৰায়দান।

ধনৰ বিনিময়ত ভোট দিয়াতো সংবিধান বিৰোধী বুলি আখ্যা দিয়ে উচ্চতম ন্যায়ালয়ে। লগতে দুৰ্নীতি আৰু উৎকোচে সংসদীয় গণতন্ত্ৰক ধ্বংসৰ গৰাহত ঠেলি দিছে বুলি ও মন্তব্য উচ্চতম ন্যায়ালয়ৰ।

উল্লেখ্য যে, মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন সাতজনীয়া সংবিধান বিচাৰপীঠে জেএমএম উৎকোচ গোচৰত পাঁচজনীয়া বিচাৰপীঠে দিয়া ১৯৯৮ চনৰ ৰায়ক সৰ্বসম্মতিক্রমে অগ্রাহ্য কৰে যাৰ দ্বাৰা সাংসদ আৰু বিধায়কসকলক আইনসভাত ভাষণ দিবলৈ বা ভোট দিবলৈ উৎকোচ লোৱাৰ বাবে গোচৰৰ পৰা মুক্তি দিয়া হৈছিল।

ৰায়টো ঘোষণা ডি ৱাই চন্দ্ৰচূড়ে কয় যে উৎকোচ সংসদীয় বিশেষাধিকাৰৰ দ্বাৰা সুৰক্ষিত নহয় আৰু ১৯৯৮ চনৰ ৰায়ৰ ব্যাখ্যা সংবিধানৰ অনুচ্ছেদ ১০৫ আৰু ১৯৪ ৰ বিপৰীত।

Category
Profile picture for user UB Photos