
বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৃষিবিভাগৰ ঘোচখোৰ কৰ্মচাৰী পাপৰি দাস মেহতা। অনুকম্পামূলক চাকৰি দিয়াৰ নামত এগৰাকী মহিলাৰ পৰা ১৫ হাজাৰ টকা উৎকোচ লৈছিল পাপৰি দাসে। অনুকম্পামূলক নিযুক্তিৰ নামত মহিলাগৰাকীৰ পৰা পাপৰি দাসে বিচাৰিছিল ১ লাখ টকা।
বৃহস্পতিবাৰে, দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে কৰ্মচাৰীগৰাকীক। পাপৰি দাস মেহতা দিছপুৰ সচিবালয়ত কৃষিবিভাগৰ জ্যেষ্ঠ সহায়িকা হিচাপে কৰ্মৰত আছিল। ইতিমধ্যে, তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে পাপৰি দাসক।
Category
- Log in to post comments