Kaziranga Under Water

বানৰ কবলত পৰা কাজিৰঙাখনৰ দুৰ্দশাৰ বিষয়ে সকলোৰে জ্ঞাত। প্ৰতি বছৰে বানে বিস্তৰ ক্ষতি সাধন কৰে কাজিৰঙাৰ।

এইবাৰো ভদীয়া বানৰ কৱলত পৰি প্ৰায় ৮০ শতাংশ অঞ্চল জলমগ্ন হৈ পৰা কাজিৰঙাত মৃত্যু হৈছে বহু কেইটা বন্য প্ৰাণীৰ।

চলিব বৰ্ষত বানত পৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ ৪ টাকৈ গঁড়ৰ মৃত্যু হৈছে। শেহতীয়া তথ্য অনুসৰি কাজিৰঙাত বানৰ ফলত মৃত্যু হোৱা গঁড়ৰ সংখ্যা অধিক বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ২ টা গঁড় পানীত ডুবি আৰু আন ২টা গঁড় স্বাভাৱিক কাৰণত মত্যু হৈছে।