আজি আলি-আয়ে-লৃগাং! আলি-আয়ে-লৃগাঙৰ অৰ্থ - 'আলি’ মানে মাটিৰ তলত হোৱা ফল, 'আই’ মানে গছৰ গুটি আৰু 'লৃগাং’ মানে সিঁচিবলৈ আৰম্ভ কৰা অর্থাৎ 'আলি আয়ে লৃগাং' মানে শস্য সিঁচিবলৈ আৰম্ভ কৰাৰ দিন বা সময়।
উল্লেখ্য যে, ১৯৫৫ চনৰ পৰা প্রত্যেক বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি-আয়ে-লৃগাং উৎসৱ পালন কৰা হয়। বুধবাৰটোক মিচিংসকলে অতি শুভ আৰু লখিমী বুলি বিবেচনা কৰে। এই দিনটোৰ পৰাই তেওঁলোকে আহুধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে। শস্যৰ অধিক উৎপাদন কামনা কৰিয়েই নৈ-পৰীয়া মিচিংসকলে এই উৎসৱ পালন কৰে।
- Read more about আজি আলি-আয়ে-লৃগাং! আলি-আয়ে-লৃগাংৰ ইতিহাস কি?
- Log in to post comments