আজি আলি-আয়ে-লৃগাং! আলি-আয়ে-লৃগাংৰ ইতিহাস কি?

ali aai ligang

আজি আলি-আয়ে-লৃগাং! আলি-আয়ে-লৃগাঙৰ অৰ্থ - 'আলি’ মানে মাটিৰ তলত হোৱা ফল, 'আই’ মানে গছৰ গুটি আৰু 'লৃগাং’ মানে সিঁচিবলৈ আৰম্ভ কৰা অর্থাৎ 'আলি আয়ে লৃগাং' মানে শস্য সিঁচিবলৈ আৰম্ভ কৰাৰ দিন বা সময়।

উল্লেখ্য যে, ১৯৫৫ চনৰ পৰা প্রত্যেক বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে আলি-আয়ে-লৃগাং উৎসৱ পালন কৰা হয়। বুধবাৰটোক মিচিংসকলে অতি শুভ আৰু লখিমী বুলি বিবেচনা কৰে। এই দিনটোৰ পৰাই তেওঁলোকে আহুধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে। শস্যৰ অধিক উৎপাদন কামনা কৰিয়েই নৈ-পৰীয়া মিচিংসকলে এই উৎসৱ পালন কৰে। 

আলি-আয়ে-লৃগাং উৎসৱৰ দিনা মিচিংসকলে ভাত, বৰা চাউল আৰু ছাই মদ সূর্য-চন্দ্র দেৱতাৰ নামত আগবঢ়াই। লগতে মিচিংসকলে বিশ্বাস কৰে যে - দেৱতাক নাচ-গানেৰে সন্তুষ্ট নকৰিলে পৃথিৱীত বৰষুণ নহ'ব; তেতিয়া শস্যৰ উৎপাদন নহ'ব৷ সেয়ে তেওঁলোকে নৃত্য-গীতৰ মাজেৰে লখিমীক সন্মান প্ৰদৰ্শন কৰে৷


ৰাজ্যজুৰি আলি-আয়ে-লৃগাঙৰ উচাহ। মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ লৃগাং। ঐনিতম, গুমৰাগৰ সুৰত মুখৰিত ৰাজ্য। নৃত্য-গীত গাই আনন্দত আত্মহাৰা মিচিং লোক।

Category