Maa Kamakhya Temple

সমগ্ৰ দেশৰ লগতে মা কামাখ্যা দেৱালয়তো পৰম্পৰা অনুসৰিয়েই উদযাপন কৰা হৈছে নৱৰাত্ৰীৰ পূজা। কামাখ্যা দেৱালয়ত দুৰ্গা পূজাৰ উপলক্ষে দৈনন্দিন কৰি অহা কাৰ্যসূচীত বিভিন্ন সালসলনি কৰিছে মন্দিৰ কতৃপক্ষই। দুৰ্গা পূজা কেইদিনত মন্দিৰৰ দুৱাৰ খোলা আৰু বন্ধ কৰাৰ সময়ৰো কিছু নিয়ম সালসলনি কৰা হৈছে। 

উল্লেখ্য যে, ২০ অক্টোবৰৰ ষষ্ঠী পূজাৰ দিনা পুৱা ৯ বজাত মন্দিৰৰ দুৱাৰ খোলা হ'ব আৰু দুপৰীয়া ভোগ দি আবেলি সময়ত যাত্ৰীৰ আৰক্ষণস্থলীত বন্ধ কৰা হ'ব।

২১ অক্টোবৰত সপ্তমী পূজাৰ দিনা পুৱা ৯-৩০ বজাত মন্দিৰৰ দুৱাৰ খুলিব। আনহাতে, আবেলি ৪ বজাত যাত্ৰীৰ আৰক্ষণস্থলীত বন্ধ কৰা হ'ব।