Ramoji Rao

ৰাম’জী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ ৰাম’জী ৰাওৰ দেহাৱসান। শনিবাৰে পুৱা ৪.৫০ বজাত শেষ নিশ্বাস ত্যাগ বিশিষ্ট উদ্যোগপতিগৰাকীৰ। জানিব পৰা মতে, উচ্চ ৰক্তচাপ আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ ৫ জুনৰ পৰা হায়দৰাবাদৰ ষ্টাৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল তেওঁ। 

বিশ্বৰ সৰ্ববৃহৎ ফিল্ম ষ্টুডিঅ’ ৰাম’জী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক আছিল পদ্ম বিভূষণ বঁটা বিজয়ী ৰাম’জী ৰাও। ১৯৩৬ চনৰ ১৬ নৱেম্বৰত জন্মগ্ৰহণ কৰা ৰাৱে ১৯৭৪ চনত তেলেগু ভাষাৰ আগশাৰীৰ দৈনিক কাকত ইনাডু মুকলি কৰে। প্ৰযোজক হিচাপে ৫০খন ছবি আৰু টেলিফিল্মৰ সমৰ্থন আগবঢ়োৱাৰ কৃতিত্বও লাভ কৰে।