মদে আকৌ কাঢ়িলে প্ৰাণ! ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰি প্ৰাণ হেৰুৱালে এহাল যুৱক-যুৱতীয়ে......

Accident

বুধবাৰে নিশা প্ৰায় ৯ মান বজাত লখিমপুৰৰ বাইপাছত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাস্তাৰ কাষত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে দ্ৰুতবেগী ব্ৰীজা বাহন এখনে। দুৰ্ঘটনাটোৰ ফলত প্ৰাণ হেৰুৱালে এগৰাকী যুৱতীসহ এজন যুৱকে।

ৰাইজে জানিবলৈ দিয়া অনুসৰি স্পীডত আহিছিল ব্ৰীজা বাহনখন। দুৰ্ঘটনাটোত নিহত যুৱতীগৰাকীৰ নাম চুমী বসুমতাৰী আৰু যুৱকজনৰ নাম যতীন মৰাং ( ১৮) বুলি জানিবলৈ পোৱা গৈছে। 

accident

জানিব পৰা মতে গাড়ীখন চিয়াজুলিৰ ষ্টেচন তিনিআলিৰ নিবাসী ৰাজু ঠাকুৰৰ। এই দুৰ্ঘটনাত গুৰুতৰভাবে আহত হয় গাড়ীখনৰ চালকজন। আঘাতপ্ৰাপ্ত চালকজন চিয়াজুলী বগীনদীৰ নাম ৰাজু ঠাকুৰ (৩৩) বুলি জানিব পৰা গৈছে। আহত ৰাজু ঠাকুৰক উন্নত চিকিৎসাৰ বাবে AMCHলৈ প্ৰেৰণ কৰা হয়।

accident

দুৰ্ঘটনাটোৰ পিছতে নিশাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিহত যুৱক আৰু যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাহনখনো উদ্ধাৰ কৰে আৰক্ষীয়ে। আনহাতে, দুৰ্ঘটনাত পতিত হোৱা ব্ৰীজা বিলাসী বাহনখন সম্পূৰ্ণৰূপে বিধস্ত হয়।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, লখিমপুৰ নগৰৰ পৰা বোৱালগুৰি হৈ তীব্ৰ বেগত গৈছিল দুৰ্ঘটনা সংঘটিত কৰা বাহনখন। তেনে সময়তে বাইপাছত ৰখাই থোৱা ট্ৰাকত খুন্দিয়াই দুৰ্ঘটনা সংঘটিত কৰে। দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ ভিতৰত বিয়েৰৰ বটলৰ লগতে বিলাসী মদৰ বটল পোৱা গৈছে।

Category
Profile picture for user UB Photos