ট্ৰিপল মাৰ্ডাৰৰ আন এক অনুৰূপ ঘটনা! এইবাৰ মাতৃৰ সৈতে পুত্ৰ আৰু কন্যাক হত্যা.......

bihar

গোলাঘাটৰ দৰে ট্ৰিপল মাৰ্ডাৰৰ আন এক অনুৰূপ ঘটনা সংঘটিত হৈছে বিহাৰৰ কাটিহাৰত। একেলগে তিনিজন কৈ লোকক কোনো দুৰ্বৃত্তই হত্যা কৰাৰ খবৰ পোৱা গৈছে। 

খবৰ অনুসৰি, কোনো অচিনাক্ত দুৰ্বৃত্তই এগৰাকী মহিলা আৰু তেওঁৰ দুই সন্তানক চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰিছে। একেটা পৰিয়ালৰ তিনিজন লোকক একেলগে কৰা হত্যাকাণ্ডই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্যৰ।

bihar

আনহাতে, এই সমগ্ৰ ঘটনাটো বালিয়া বেলুন আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত শিহপুৰ গাঁৱত মঙলবাৰে নিশা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমানলৈকে অপৰাধীক চিনাক্ত কৰিব পৰা যোৱা নাই। 

প্ৰাৰম্ভিক তথ্য অনুসৰি, অজ্ঞাত লোকে এই ঘটনা সংঘটিত কৰিছে। কোনো দুৰ্বৃত্তই মাতৃ, পুত্ৰ আৰু কন্যাক হত্যা কৰিছে। 

জানিব পৰা মতে, মহৰমৰ পিছত লাঠিৰ খেল চাবলৈ মহিলাগৰাকীৰ স্বামী ফিৰোজ আখটাৰ ঘৰৰ পৰা বাহিৰলৈ গৈছিল। ফিৰোজৰ পত্নী সদাফ জাৰিন, কন্যা ফায়া ফিৰোজ আৰু তেওঁৰ দ্বিতীয় পত্নীৰ পুত্ৰ ফাইজান ফিৰোজ ঘৰত শুই আছিল। স্বামীৰ অনুপস্থিতিৰ সময়ছোৱাত কোনো দুৰ্বৃত্তই তেওঁলোকক হত্যা কৰিছিল।

bihar

গাওঁবাসীৰ মতে, মহিলাগৰাকী আৰু শিশু দুটা একেটা কোঠাতে শুই আছিল। অৱশ্যে, মহিলাগৰাকীৰ স্বামী আৰু পৰিয়ালে হত্যাৰ কাৰণ কি হ’ব পাৰে সেই বিষয়ে একো ক’ব পৰা নাই। 

বৰ্তমান, এই তিনিটা হত্যাকাণ্ডৰ বাবে সমগ্ৰ অঞ্চলটোত এক আলোড়ন সৃষ্টি হৈছে। বৰ্তমান প্ৰশাসন তদন্তত নিয়োজিত হৈ আছে। ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছত, SDPOৰ দল ঘটনাস্থলীত উপস্থিত হয়। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষী আৰু ফৰেনচিকৰ দলে ঘটনাটোৰ তদন্ত কৰি আছে।

Category
Profile picture for user UB Photos