সন্তানৰ নামত কলংক! বৃদ্ধ পিতৃক পুতি থোৱাৰ বাবে চোতালত গাঁত খান্দিল পুত্ৰই...........

Harrasment

এইখন অসমতে সন্তানৰ নামত পুনৰ কলংকৰ দাগ সানিলে এজন পুত্ৰই । বছৰ বছৰ ধৰি পিতৃ-মাতৃক শাৰিৰীক অত্যাচাৰ পুত্ৰ অৰূপ কলিতাৰ । 

উল্লেখ্য যে, পুত্ৰ অৰূপ কুমাৰ কলিতা আৰু বোৱাৰী মিনতি কলিতাই দীৰ্ঘদিন ধৰি অত্যাচাৰ চলাই অহাৰ অভিযোগ পিতৃ ললিত কলিতাৰ। পুত্ৰ-বোৱাৰীৰ অত্যাচাৰ সহিব নোৱাৰি দুই বৃদ্ধ পিতৃ-মাতৃয়ে  হাতীগাওঁস্থিত চিনিয়ৰ চিটিজ'ন হ'মত স্ব-ইচ্ছাই আহি বাস কৰিছিল।

Harrasment

জানিব পৰা মতে, আজি পুনৰ পুত্ৰই বৃদ্ধাশ্ৰমখনলৈ পিতৃ আৰু মাতৃক বিচাৰি আহি  বৃদ্ধাশ্ৰমখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পৰিস্থিতি উত্তপ্ত হোৱাৰ পিছতেই পিতৃ ললিত কলিতাই পুত্ৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে হাতীগাওঁ আৰক্ষী থানাত।

Harrasment

অত্যাচাৰৰ বলি হোৱা পিতৃয়ে জনোৱা অনুসৰি পুত্ৰই পিতৃক পুতি থোৱাৰ বাবে ঘৰৰ চোতালত গাত খান্দিছিল । লগতে মেঘালয়লৈ পিতৃক নিৰ্যাতন কৰি পেলাই দিব খুজিছিল পুত্ৰই । এনেদৰে বছৰ বছৰ ধৰি নিৰ্যাতন খহি আহিছিল পিতৃ মাতৃয়ে ।

Category
Profile picture for user UB Photos