পুনৰ আত্মহত্যা! এইবাৰ ৭ মহীয়া গৰ্ভৱতী বোৱাৰীৰ আত্মহনন; কিয় বোৱাৰী গৰাকীয়ে বাছি ল'লে এই চৰম সিন্ধান্ত?

Dhemaji

মঙলবাৰে ধেমাজি এৰাধলৰ হেৰাম গাঁৱত এগৰাকী নৱ বিবাহিতা বোৱাৰীৰ ৰহস্যজনক আত্মহত্যা । বোৱাৰীগৰাকীৰ মৃত্য়ুৰ পিছতে অঞ্চলটোত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

মৃত বোৱাৰীগৰাকীৰ নাম আছিল ৰিচা কোঁৱৰ বুলি জানিব পৰা গৈছে । ৰিচা ৭ মাহৰ গৰ্ভৱতী আছিল বুলিও জানিব পৰা গৈছে । ২০২২ত হেৰাম গাঁৱৰ পৰাগজ্যোতি দত্ত নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল মহিলাগৰাকী।

dhemaji

উল্লেখ্য যে, ঘৰৰ এখন খিৰিকীৰ গ্ৰীলত বিচনা চাদৰেৰে চিপ লৈ আত্মহত্যা কৰে বোৱাৰীগৰাকীয়ে । অৱশ্যে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে। পৰিয়ালৰ মতে সাধাৰণভাৱেহে মহিলাগৰাকীৰ ডিঙি বান্ধি থোৱা আছিল। মাটিৰ পৰা মাত্ৰ দুই ইঞ্চিমান ওপৰতে বোৱাৰীগৰাকীৰ ভৰি আছিল । ইয়াক লৈ এতিয়া একাংশই সন্দেহ কৰিছে। 

dhemaji

তদুপৰি ঘটনা সংঘটিত হোৱাৰ বহু পলমকৈহে স্বামী গৃহই বোৱাৰীগৰাকীৰ মাতৃ গৃহত খবৰ দিছিল। স্বামী গৃহৰ পৰা বোৱাৰীজনী ঘৰলৈ অতি বেছি দুই কিলোমিটাৰ মানহে দূৰত্ব । তাৰপাছতো আত্মহত্যা হোৱা সম্পৰ্কে বহু পলমকৈ স্বামী গৃহৰ পৰিয়ালে মহিলাগৰাকীৰ পৰিয়ালক অৱগত কৰিছিল।

বোৱাৰীগৰাকীৰ মাতৃ গৃহৰ পৰিয়ালে আৰক্ষী থানাত এজাহাৰ দাখিল কৰি দোষীক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী কৰে। মঙলবাৰে নিশা ১১ বজা পৰ্যন্ত ধেমাজি সদৰ আৰক্ষী থানাত উপস্থিত হয় স্থানীয় ৰাইজসকল ৷

জানিব পৰা মতে বিগত বৰ্ষতেই পৰাগজ্যোতি দত্ত নামৰ যুৱকজনৰ সৈতে ভেহপৰা গাওঁৰ ৰিছা কোঁৱৰে বিবাহপাশত আৱদ্ধ হৈছিল ৷

dhemaji

অৱশ্যে বৰ্তমান সময়লৈকে মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য। ইতিমধ্যে মঙলবাৰে নিশায়েই স্বামী পৰাগজ্যোতি দত্তক ধেমাজি আৰক্ষীয়ে (Dhemaji Police) গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।
 

Category
Profile picture for user UB Photos