
জ্যোতিষ শাস্ত্ৰ অনুসৰি ১২টা ৰাশিৰ ভিতৰত ৪টা বিশেষ ৰাশি আছে যাৰ ওপৰত ধনৰ দেৱতা কুবেৰ সদায়ে সন্তুষ্ট হৈ থাকে । তেওঁলোকৰ জীৱনলৈ কেতিয়াও ধনৰ সমস্যা নহয়। এইসকলে অপৰিসীম ধন উপাৰ্জন কৰে।
পিছে জানো আহক ৰাশি ৪টা কি কি?
বৃষ ৰাশি :

বৃষ ৰাশি লোকসকল কুবেৰ দেৱৰ কৃপাৰ দ্বাৰা সকলো ভৌতিক সুখ প্ৰাপ্ত কৰিবলৈ সক্ষম হয়। পৰিয়ালৰ সৈতে নিজৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰে। বৃষ ৰাশিৰ প্ৰভু হৈছে শুক্ৰ, যি ভৌতিক সুখ-সুবিধা, গৌৰৱ, খ্যাতি, সন্মান, সমৃদ্ধি আদিৰ কাৰক গ্ৰহ হয়।
তুলা ৰাশি :
জ্যোতিষত কোৱা হৈছে যে তুলা ৰাশিৰ লোকসকলে যিটো কাম কৰিম বুলি ভাবে সেইটো কামে কৰে। এই ৰাশিৰ প্ৰভু গ্ৰহ হৈছে শুক্ৰ। এওঁলোকৰ কুণ্ডলীত শুক্ৰ যদি শুভ স্থানত থাকে তেন্তে এই ৰাশিৰ লোকসকল সোনকালে ধনী হৈ যায়। কুবেৰ দেব তুলা ৰাশিৰ ওপৰত সদায় সন্তুষ্ট হৈ থাকে।
কৰ্কট ৰাশি :
দেৱতাৰ কোষাধ্যক্ষ বুলি জনা কুবেৰ দেৱতাৰ আৰ্শীবাদ সদায় কৰ্কট ৰাশিৰ ওপৰত থাকে। জ্যোতিষ শাস্ত্ৰ অনুসৰি এই ৰাশিৰ লোকসকলে নিজৰ জ্ঞানেৰে, কষ্টৰে ধন উপাৰ্জনত সফল হয়। আৰ্থিকভাবে আৰু কেৰিয়াৰত ভাল স্থান লাভ কৰে।
বৃশ্চিক ৰাশি :

বৃশ্চিক ৰাশিৰ লোকসকল কামৰ ক্ষেত্ৰত যথেষ্ট ছিৰিয়াছ হয়। এওঁলোকে নিজৰ কৰ্মৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সফল হয়। কুবেৰ দেৱতাৰ অনুগ্ৰহত এই ৰাশিৰ লোকসকল কেতিয়াও ধনৰ সমস্যা নহয়।
কুবেৰ দেৱতাক সন্তুষ্ট কৰিবলৈ সোণ, ৰূপ বা পঞ্চলোহাৰ ভিতৰত যিকোনো এটা ধাতুত কুবেৰ যন্ত্ৰক অংকিত কৰাওক বা বজাৰৰ পৰা কুবেৰ যন্ত্ৰ আনি নিতী-নিয়মেৰে স্থাপন কৰক আৰু সদায়ে পূজা কৰক । লোকবিশ্বাস যে ইয়াৰ দ্বাৰা ঘৰখনত ধন-সম্পদ বৃদ্ধি হয়।
- Log in to post comments