
নিশা কাছাৰৰ ৰামনগৰ বাইপাছত সংঘটিত এনকাউণ্টাৰৰ ঘটনা । আৰক্ষীৰ গুলীত আহত এজন ড্ৰাগছ সৰবৰাহকাৰী ।
উল্লেখ্য যে, নিশা STF ৰ অভিযানত শিলচৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম । লগতে ২.৫ কেজি হে’ৰইন আৰু ১ লাখ ইয়াভা টেবলেটসহ তিনি সৰবৰাহকাৰীক DIG পাৰ্থ সাৰথি মহন্তই আটক কৰে ।

ধৃত তিনি সৰবৰাহকাৰীক আৰক্ষীয়ে লৈ যোৱাৰ সময়ত আৰক্ষীৰ জিম্মাৰ পৰা এজন সৰবৰাহকাৰী পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে শূণ্য লৈ গুলীচালনা কৰে। আৰু আৰক্ষীৰ সেই গুলীচালনাত সৰবৰাহকাৰীটোৰ ভৰিত গুলী লগে । আৰু লগে লগে গুলীবিদ্ধ হৈ মাটিত বাগৰি পৰে ড্ৰাগছ সৰবৰাহকাৰীটো ।
ৰক্তাক্ত অবস্থাত আৰক্ষীয়ে গুলীবিদ্ধ যুৱক জনপ উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতালত প্ৰেৰণ কৰে । বৰ্তমান তেওঁৰ অবস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।
- Log in to post comments