ৰাজ্যত ডাবল মাৰ্ডাৰৰ পাছত এইবাৰ ত্ৰিপল মাৰ্ডাৰ! প্ৰথমতে প্ৰেম, পিছত বিবাহ আৰু শেষত জঘন্য হত্যাকাণ্ড........

Golaghat

এটা দুটা নহয়, একেলগে তিনিটাকৈ লোমহৰ্ষক হত্যাকাণ্ডই প্ৰতিজন লোকৰ মন–মগজু জোকাৰি গৈছে । এই ত্ৰিপল মাৰ্ডাৰৰ ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাত । গোলাঘাটৰ নাজিবুৰ ৰহমান বৰা নামৰ লোকজনে পত্নী, শাহু আৰু শহুৰেকক নৃশংসভাৱে হত্যা কৰি কণমানি সন্তানটিক কোলাত লৈ আত্মসমৰ্পণ কৰে থানাত।

উল্লেখ্য যে, প্ৰাথমিক তদন্তৰ পাছত আৰক্ষীয়ে এয়া পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি বুলিয়ে সন্দেহ প্ৰকাশ কৰিছে। বৰ্তমান সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অ‍ব্যাহত ৰাখিছে আৰক্ষীয়ে।  ইয়াৰ মাজতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে ছচিয়েল মিডিয়াযোগে সদৰি কৰিছে এই সমগ্ৰ ঘটনাক্ৰম। 

সোমবাৰে নাজিবুৰ ৰহমান বৰাই পত্নী সংঘমিত্ৰা ঘোষ, শহুৰেক সঞ্জীৱ ঘোষ আৰু শাহুৱেক জুনু ঘোষক নৃশংসভাৱে হত্যা কৰে। তাৰ পিছত নিজৰ ৯ মহীয়া সন্তানক কোলাত লৈ থানাত আত্মসমৰ্পণ কৰে নাজিবুৰে।

golaghar

আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে ছচিয়েল মিডিয়াত উল্লেখ কৰা অনুসৰি, ২০২০ চনৰ জুন মাহত, যেতিয়া কোভিডৰ বাবে লকডাউন চলি আছিল, সেই সময়তে ফেচবুকত সংঘমিত্ৰা আৰু নাজিবুৰৰ সাক্ষাৎ হৈছিল। লাহে লাহে দুয়োৰে মাজত চলিছিল প্ৰেমৰ সম্পৰ্ক। তেতিয়া নাজিবুৰ গোলাঘাটত আছিল। ২০২০ চনৰ অক্টোবৰত দুয়ো কলকাতালৈ পলাই যায়। 

সংঘমিত্ৰাৰ পৰিয়ালৰ ফালৰ পৰা এই সন্দৰ্ভত গোলাঘাট থানাত 680/2020 নম্বৰৰ এখন এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে সংঘমিত্ৰাক কলকাতাৰ পৰা উদ্ধাৰ কৰিছিল। তেওঁলোকে কলকাতাতে আইনী বিবাহ সম্পন্ন কৰিছিল।

golaghar

২০২১ চনৰ ৬ মাৰ্চত সংঘমিত্ৰাৰ অভিভাৱকে সংঘমিত্ৰাৰ বিৰুদ্ধে এক চুৰিৰ এজাহাৰ দাখিল কৰিছিল। গোলাঘাট থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮০ ধাৰাৰ অধীনত ৰুজু হৈছিল 222/2021 নম্বৰৰ এটা গোচৰ। এই গোচৰৰ ভিত্তিত সংঘমিত্ৰাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ৩৭ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল। এই গোচৰৰ শ্বাৰ্জশ্বীট দাখিল কৰা হৈছিল। জামিন পোৱাৰ পিছত সংঘমিত্ৰাই পিতৃ–মাতৃৰ সৈতে থাকিবলৈ লৈছিল।

২০২২ চনৰ জানুৱাৰী মাহত পুনৰ নাজিবুৰ আৰু সংঘমিত্ৰাই চেন্নাইলৈ পলাই যায়। তাত একেলগে ৫ মাহ থাকে। সেই সময়তে সংঘমিত্ৰা অন্তঃসত্ত্বা হয়। তাৰ পিছত ২০২২ৰ আগষ্টত দুয়ো গোলাঘাটলৈ আহি নাজিবুৰৰ ঘৰত একেলগে থাকিবলৈ লয়। ২০২২ চনৰ নৱেম্বৰত দুয়োৰে এটি পুত্ৰ সন্তান জন্ম হয়।

golaghat

২০২৩ চনৰ মাৰ্চত অত্যাচাৰ চলোৱাৰ অভিযোগ তুলি নাজিবুৰৰ ঘৰৰ পৰা গুচি আহে সংঘমিত্ৰা। এই সন্দৰ্ভতো ২০২৩ৰ ২১ মাৰ্চত গোলাঘাট থানাত 119/2023 এক গোচৰ ৰুজু হয়। ঘটনা সন্দৰ্ভত নাজিবুৰক গ্ৰেপ্তাৰ কৰা হয় আৰু ২৮ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। এই গোচৰত নাজিবুৰ জামিনত আছিল।

জে’লৰ পৰা ওলাই অহাৰ পিছত নাজিবুৰে পত্নী আৰু সন্তানক লগ পাবলৈ অটল আছিল। দুয়োটা পৰিয়ালৰ মাজত সমগ্ৰ ঘটনাক্ৰমক লৈ চলি আছিল সংঘাত। 

২০২৩ৰ ২৯ এপ্ৰিলত নাজিবুৰৰ ভাতৃয়ে সংঘমিত্ৰা ঘোষ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰে। এজাহাৰত নাজিবুৰক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল। এই সন্দৰ্ভত গোলাঘাট থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 342/325/307/506/34 ধাৰাৰ অধীনত 141/2023 নম্বৰৰ এক গোচৰ ৰুজু হৈছিল আৰু এতিয়াও এই ঘটনাৰ তদন্ত চলি আছে।

২৪ জুলাইত অভিযুক্ত নাজিবুৰ ৰহমান বৰাই সংঘমিত্ৰা ঘোষ আৰু তেওঁৰ পিতৃ–মাতৃক হত্যা কৰে। এই সন্দৰ্ভত গোলাঘাট থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 302/448 ধাৰাৰ অধীনত 200/2023 নম্বৰৰ গোচৰ ৰুজু হৈছে। ঘটনাৰ তদন্ত অব্যাহত আছে। চি আই ডি আৰু ফৰেনছিকৰ দল গোলাঘাটত উপস্থিত হৈছে ঘটনাৰ তদন্তৰ বাবে।

Category
Profile picture for user UB Photos