ৰাজ্যবাসীৰ বাবে এক দুখবৰ! ৰাজ্যত পুনৰ বৃদ্ধি পালে গাখীৰৰ মৃল্য.....

Milk

বিলাহীৰ পিছত এইবাৰ বৃদ্ধি পালে গাখীৰৰ মৃল্য । পোন্ধৰ দিনীয়া দীঘলীয়া আলোচনাৰ অন্তত আজি গাখীৰৰ মূল্য বৃদ্ধিৰ দৰ অন্ত পৰিল। 

উল্লেখ্য যে, বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থা আৰু বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাৰ আলোচনাৰ অন্তত আজি গাখীৰৰ মূল্য বৃদ্ধি হৈ খুটিত প্ৰতি লিটাৰত ৩ টকা ৫০ পইচা হয়।

আনহাতে, গো-পালকৰ দাবী আছিল খুটিত প্ৰতি লিটাৰত ৫ টকা। কিন্ত গো-পালকৰ ৫ টকা দাবীক নস্যাৎ কৰি প্ৰতি লিটাৰত খুটিত ৩.৫০ টকা বৃদ্ধি ধাৰ্য্য কৰি দিয়ে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই। 

পূৰ্বৰ প্ৰতি লিটাৰত খুটিত গাখীৰৰ মূল্য আছিল ৫৩ টকা, এতিয়া হ’ল ৫৬.৫০ টকা।

Category
Profile picture for user UB Photos