বিশিষ্ট সাংবাদিক তথা ৰাজনীতিবিদ মনজিৎ মহন্তৰ বিয়োগ; চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ মহন্তৰ.....

manjit

ৰাজনীতিৰ লগতে সংবাদ জগততো শোঁকৰ চা । নিশা ২ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে কংগ্ৰেছ নেতা তথা জ্যেষ্ঠ সাংবাদিক মনজিৎ মহন্তই।  চিকিৎসাধীন অৱস্থাতে দেহাৱসান কংগ্ৰেছ নেতাগৰাকীৰ। হৃদৰোগৰ বাবে মহন্তক কৰা হৈছিল জটিল অস্ত্ৰোপচাৰ আৰু তাৰ পাছতে দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল তেওঁ।

manjit

উল্লেখ্য যে, মৃত্যুৰ সময়ত কংগ্ৰেছ নেতা গৰাকীৰ বয়স আছিল ৫৫ বছৰ। সাংবাদিকতাৰ পৰা ৰাজনীতিলৈ অহা মনজিৎ মহন্তই ২০২১ চনত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । দিছপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল মনজিৎ মহন্তই।

manjit

manjit

আজি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰয়াত মহন্তৰ। কংগ্ৰেছ নেতা তথা জ্যেষ্ঠ সাংবাদিকগৰাকীৰ বিয়োগত শোক প্ৰকাশ কৰিছে বিভিন্নজনে। অসমৰ সমাজ জীৱনৰ সৈতে জড়িত হৈ থকা মনজিৎ মহন্তৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি ।
 

Category
Profile picture for user UB Photos