নিৰ্বাচনী হিংসাত ৰক্তাক্ত বংগ; এতিয়ালৈ ১০জনে হেৰুৱালে প্ৰাণ.....

panchayat election

পঞ্চায়ত নিৰ্বাচনক লৈ পশ্চিম বংগত ব্যাপক নিৰ্বাচনী হিংসা। পশ্চিম বংগত ভোটগ্ৰহণৰ সমানে সমানে চলিছে গুলী, বাৰুদৰ আক্ৰমণ, প্ৰত্যাক্ৰমণ । এইপৰ্যন্ত ১০জন লোকে প্ৰাণ হেৰুৱালে ৰাজ্যখনত । 

panchayat election

আনহাতে, এইবাৰ পুনৰ নিৰ্বাচনী হিংসাৰ বলি হৈ নদিয়াত মৃত্যু এজন লোকৰ। নদিয়াৰ চাপৰাত বড় আন্দুলিয়া হাইস্কুলৰ ১০০নং বুথত গুলীচালনাৰ অভিযোগ বিৰোধীৰ। 

panchayat election

পশ্চিম বংগত আটাইতকৈ অশান্ত হৈ পৰিছে মুৰ্ছিদাবাদ। এতিয়ালৈ মুৰ্ছিদাবাদত মৃত্যু হৈছে তিনিজনৰ। মালদহত মৃত্যু হৈছে এজনৰ। ভোটগ্ৰহণৰ দিনটোত কোচবিহাৰত নিহত হৈছে দুজন লোক, উত্তৰ ২৪ পৰগনাত নিহত হৈছে আন এজন। ইয়াৰ উপৰি পূব বৰ্ধমানত মৃত্যু হৈছে এজন লোকৰ। ইয়াৰ পিছতে মৃত্যুৰ খবৰ আহিছে নদিয়াৰ চাপৰাৰ পৰা। চাপৰাত মৃত্যু এজন লোকৰ।

panchayat election

উল্লেখ্য যে, পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নানা ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে। কোনো কোনো স্থানত ভোটগ্ৰহণৰ প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্তাপন হৈছে। ক’ৰবাত পানী পেলাই দিয়া হৈছে বেলট পেপাৰ, ক’ৰবাত আকৌ জ্বলাই দিয়া হ’ল বেলট বাকচ। দিনহাটাৰ একাধিক বুথত মুকলিকৈ বেগত বোমা লৈ ঘূৰি ফুৰা দেখা গৈছে। যাৰ ফলত আতংকিত হৈ পৰিছে ভোটাৰসকল।

Category
Profile picture for user UB Photos