ঋতুস্ৰাৱ অনিয়মীয়া হয় নেকি আপোনাৰ! সাৱধান হওক! হ'ব পাৰে আপোনাৰ বিপদ!

Periods

ঋতুস্ৰাৱ বা মাহেকীয়া হৈছে মহিলাৰ শৰীৰৰ এক সাধাৰণ প্ৰাকৃতিক জৈৱিক প্ৰক্ৰিয়া। প্ৰতিগৰাকী মহিলাৰ ঋতুস্ৰাৱ চক্ৰ পৃথক আৰু ই শৰীৰৰ ওপৰত নিৰ্ভৰ কৰে। ঋতুস্ৰাৱৰ সময়ত যুৱতী বা মহিলাৰ ক্ষেত্ৰত যথেষ্ট হৰমন আৰু শাৰীৰিক পৰিৱৰ্তন হয়। কেতিয়াবা ঋতুস্ৰাৱৰ সৈতে সম্পৰ্কিত লক্ষণবোৰ সৰু বুলি উপেক্ষা কৰা হয়, কিন্তু কিছুমান ক্ষেত্ৰত এই লক্ষণ বোৰ সৰ বুলি উপেক্ষা কৰাটো উচিত নহয়। গৱেষণা অনুসৰি ঋতুস্ৰাৱৰ সমস্যা হলে যকৃত সম্পৰ্কীয় ৰোগৰ আশংকা বৃদ্ধি হব পাৰে। অনিয়মীয়া ঋতুস্ৰাৱে যকৃত সম্পৰ্কীয় ৰোগৰ আশংকা বৃদ্ধি হব পাৰে। মহিলাৰ স্বাস্থ্যৰ ওপৰত গৱেষণা কৰি কোৱা হৈছিল যে মহিলাৰ ঋতুস্ৰাৱ ২৪ ৰ পৰা ৩৮ ভিতৰত হলে ইয়াক নিয়মীয়া ঋতুস্ৰাৱ বুলি গণ্য কৰা হয়।ইয়াতকৈ দেৰি হলে মহিলা গৰাকীৰ বাবে ক্ষতিকাৰক। সেয়ে মাহেকীয়া অনিয়মীয়া হলে চিকিৎসকৰ কাষ চাপিব লাগে।

Category
Profile picture for user UB Photos