আজি অৱসৰ ল'লে DGP ভাস্কৰ জ্যোতি মহন্তই। ২০১৯ চনৰ ১ ডিচেম্বৰত DGPৰ দায়িত্ব লৈছিল মহন্তই। চতুৰ্থ অসম আৰক্ষী বেটেলিয়ানত বিদায়ী অনুষ্ঠান অনুষ্ঠিত কৰিছিল ডিজিপি গৰাকীৰ। ৮ প্লাটুনেৰ বিদায়ী পেৰেড DGP মহন্তলৈ।

আনুষ্ঠানিক বিদায় সম্ভাষণ DGP ভাস্কৰজ্যোতি মহন্তক। অনুষ্ঠানত উপস্থিত ADGP হীৰেন নাথ। আৰক্ষী আয়ুক্ত দিগন্ত বৰাও উপস্থিত। বিদায়ী অনুষ্ঠানত ভাস্কৰ জ্যোতি মহন্তই কয়-'আৰক্ষীত কাম কৰা সকলে কেৱল এটা চাকৰিয়েই নকৰে ই এটা সেৱা, অসম আৰক্ষীক সদায় মই চেল্যুট জনাই যাম।

সমগ্ৰ ভাৰতত তেলেংগানাৰ দৰে আমাৰ আৰক্ষীও নম্বৰ ১ আৰক্ষী হ'ব ৷ কোনেও ৰোধিব নোৱাৰে ৷ কাৰকৰী দিশত আমাৰ আৰক্ষীক আগবঢ়াই নিবলৈ জৎপৰোনাস্তি চেষ্টা চলাই আছো ।

প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকী আৰক্ষীলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম । নতুন DGP ৰ মনত অসমক সেৱা কৰা মনোবৃত্তি আছে । প্ৰতিগৰাকী আৰক্ষীলৈ অনুৰোধ নতুন DGP ক সকলোৱে সহযোগ কৰক।'

সাংবাদিক তথা অসমৰ ৰাইজক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন DGP ভাস্কৰজ্যোতি মহন্তৰ।
- Log in to post comments