কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ ভিৰ! পুনৰ মুকলিৰ পিছত ৫০ হাজাৰতকৈও অধিক পৰ্যটকৰ আগমন

Kaziranga

এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া পৰ্যটকৰ ভিৰ। দেশী-বিদেশী পৰ্যটকৰ লানি নিছিগা সোঁত বৈছে ৰাষ্ট্ৰীয় উদ্যান খনত।

1

২ অক্টোবৰত ৰাষ্ট্ৰীয় উদ্যান খন পুনৰ মুকলি হোৱাৰ পিছত যোৱা ২ টা মাহত ৫০ হাজাৰতকৈও অধিক পৰ্যটক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আগমন ঘটিছে।

2

উদ্যানৰ বিষয়াসকলে জনোৱা মতে নৱেম্বৰ মাহলৈকে বিদেশী পৰ্যটককে ধৰি প্ৰায় ৬৭, ৮৬৩জন পৰ্যটক ২ অক্টোবৰত পুনৰ মুকলি হোৱাৰ পিছত কাজিৰঙা ভ্ৰমণ কৰিছে।

3

অক্টোবৰত প্ৰায় ২৭,১১৫ দেশী পৰ্যটক আৰু ২৭৮ জন বিদেশী পৰ্যটক আছিল।

4

একেদৰে, যোৱা মাহত দেশী পৰ্যটকৰ সংখ্যা প্ৰায় ৩৯,১৩০ আৰু বিদেশী পৰ্যটকৰ সংখ্যা ১,৩৪০ লৈ বৃদ্ধি হৈছে

Category