আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ তাৎপৰ্য কি? 

National Press Day

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰতি বছৰে ১৬ নৱেম্বৰৰ দিনটোক সমগ্ৰ দেশে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰূপে পালন কৰে। উল্লেখ্য যে, ১৯৬৬ চনৰ ১৬ নৱেম্বৰত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া স্থাপন কৰা হৈছিল। এই দিনটোৰ পিছৰে পৰা প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াই (পিচিআই) নৈতিক প্ৰহৰী হিচাপে কাম কৰি আহিছে যাতে সংবাদ মাধ্যমে এই শক্তিশালী মাধ্যমৰ পৰা আশা কৰা উচ্চ মানদণ্ড বজাই ৰাখে। প্ৰেছ আয়োগে ভাৰতত সংবাদ মাধ্যমৰ স্বীধনতা সুৰক্ষা কৰিবলৈ এটা প্ৰেছ কাউন্সিল গঠন কৰাৰ পৰিকল্পনা কৰিছিল। ১৯৬৬ চনৰ ৪ জুলাইত ভাৰতত প্ৰেছ কাউন্সিল স্থাপন কৰা হৈছিল যি সেই চনৰে ১৬ নৱেম্বৰৰ পৰা কাৰ্যকৰী হয়। সেয়েহে প্ৰতি বছৰে ১৬ নৱেম্বৰ দিনটোক ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয়।

Category
Profile picture for user UB Photos