ভূপেন দা বিহীন ১১ বছৰ

Bhupen Hzarika

সুধাকণ্ঠ ভূপেন হাজৰিকা আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি ১১ বছৰ হ'ল। অসম আৰু অসমীয়াই ১১ বছৰ কটালে তেওঁৰ অবিহনে। ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাৰ আজি ১১ সংখ্যক মৃত্যুবাৰ্ষিকী। আজি দেশজুৰি স্মৰণ কৰা হৈছে যশস্বী শিল্পীগৰাকীক। সুধাকণ্ঠ ভূপেন হাজৰিকা কায়িকভাৱে আমাৰ মাজত নাই যদিও তেওঁ আজীৱন থাকিব অসমীয়াৰ সত্বাত। 

ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত অসমৰ শদিয়াত। ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ ৮৫ বছৰ বয়সত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী চিকিৎসালয়ত ৫ নৱেম্বৰ, ২০১১ তাৰিখে মৃত্যু হয়। তেখেতৰ ১০ জন ভাই-ভনীৰ ভিতৰত তেঁও জ্যেষ্ঠ আছিল। তেওঁ তেখেতৰৰ মাতৃৰ পৰাই গান গোৱাৰ দক্ষতা লাভ কৰিছিল যিয়ে তেওঁক অসমৰ লোক সংগীতৰ সৈতে পৰিচয় কৰাই দিছিল। শৈশৱৰ দিনৰ পৰাই সুধাকণ্ঠই  সংগীতৰ সাধনা কৰিছিল। বহু-প্ৰতিভাশালী ভূপেনদা মূলতঃ এজন সংগীতজ্ঞ-গীতিকাৰ আৰু গায়ক আছিল, তেওঁ হিন্দী আৰু বঙালী ভাষাতো বহুতো বিখ্যাত গান উপহাৰ দি থৈ গৈছে। অসংখ্য কালজয়ী গীত আমাক দি থৈ যোৱা ভূপেন হাজৰিকা আমাৰ মাজত সদায় জীয়াই থাকিব।

Category
Profile picture for user UB Photos