আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন! ২১ দিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব প্ৰধানমন্ত্ৰীৰ জন্মদিন

Narendra Modi Birthday

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন ৷ প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনটো সমগ্ৰ দেশজুৰি ‘‘সেৱা পষেক’’ হিচাপে পালন কৰিব গেৰুৱা দলটোৱে ৷

 দেশজুৰি শনিবাৰৰ পৰা ২ অক্টোবৰলৈ পালন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২বছৰীয়া জন্মদিন ৷ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে অসমতো বিজেপিয়ে পালন কৰিব ‘‘সেৱা পষেক’’।

 উল্লেখ্য় যে, প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে ৷ 

কাৰ্যসূচী অনুসৰি, প্ৰধানমন্ত্ৰীয়ে নামিবিয়াৰ পৰা মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত আঠটা চিতা বাঘ মুকলি কৰিব আৰু চাৰিটাকৈ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰী জন্মদিন উপলক্ষ্যে বিজেপিয়ে সেৱা পষেকত সৰ্বাধিক ক’ভিড-১৯ৰ টিকাকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

২১ দিনীয়া ‘‘সেৱা আৰু সমৰ্পণ’’ অভিযানো আৰম্ভ কৰিব। বিজেপি সভাপতি জে পি নাড্ডাই নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱন আৰু নেতৃত্বৰ ওপৰত অনুষ্ঠিত হ’ব লগা এখন প্ৰদৰ্শনীও উদ্বোধন কৰিব ।

দলটোৱে প্ৰধানমন্ত্ৰীৰ জন্মদিন ‘‘সেৱা পষেক’’ৰ ৰূপত দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে উৎসৰ্গা কৰিব। লগতে দলটোৱে দেশজুৰি বৃক্ষ ৰোপণৰ লগতে স্বচ্ছ ভাৰত অভিযানো চলাব ।

Category
Profile picture for user UB Photos