Cheetahs

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন ৷ প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনটো সমগ্ৰ দেশজুৰি ‘‘সেৱা পষেক’’ হিচাপে পালন কৰিব গেৰুৱা দলটোৱে ৷

 দেশজুৰি শনিবাৰৰ পৰা ২ অক্টোবৰলৈ পালন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২বছৰীয়া জন্মদিন ৷ প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে অসমতো বিজেপিয়ে পালন কৰিব ‘‘সেৱা পষেক’’।

 উল্লেখ্য় যে, প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে ৷ 

কাৰ্যসূচী অনুসৰি, প্ৰধানমন্ত্ৰীয়ে নামিবিয়াৰ পৰা মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত আঠটা চিতা বাঘ মুকলি কৰিব আৰু চাৰিটাকৈ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।