চৰকাৰী চাকৰিৰ নামত দালালি কৰা কোন এই সাত জন লোক!

Arrested

দিছপুৰ আৰক্ষীৰ জালত পৰিল চৰকাৰী চাকৰিৰ নামত দালালি কৰা সাতজনকৈ দালাল। দেওবাৰে নিশা চৰকাৰী চাকৰিৰ নামত দালালি কৰা ৭দালালক গুৱাহাটী বৰবাৰীৰ DG Lodgeৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে। জলসম্পদ বিভাগৰ চাকৰিৰ তালিকা প্রস্তুত কৰাৰ সময়তে গ্রেপ্তাৰ সাতজনকৈ দালালক।

 

আৰক্ষীয়ে দালাল কেইজনৰ পৰা জব্দ কৰে ৭ টাকৈ লেপটপৰ লগতে বহুতো আপত্তিজনক নথি পত্ৰ। বৰ্তমান দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত আটাইকেইজনকে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। গ্রেপ্তাৰ কৰা দালাল কেইজনৰ নাম ক্ৰমে- কাহিলীপাৰাৰ নয়ন শইকীয়া, মঙলদৈৰ চিৰাজুল হক, বশিষ্ঠৰ জয়ন্ত ডেকা, গোৱালপাৰাৰ জয়ন্ত দাস, নলবাৰীৰ গোবিন্দ চৌধুৰী, প্রাঞ্জল বৰ্মন আৰু নুৰ ইছলাম আহমেদ।

 

উল্লেখ্য যে DG Lodge ৰ তিনিটা কোঠা বুকিং কৰি ১৪ আগষ্টৰ পৰা এজনে আৰু ৯ আৰু ১০ ছেপ্টেম্বৰৰ পৰা বাকী কেইজনে বাহৰ পাতি আছিল। হোটেলখনৰ ০২, ০৪, ১০৮ নং কোঠা কেইটাত বাহৰ পাতি আছিল দালালকেইজনে।

 

যিসময়ত চাকৰিৰ নামত শিক্ষাৰ্থীৰ পৰা ধন দাবী কৰা দালালৰ নামত অভিযোগ উত্থাপন কৰি আৰক্ষীৰ জিম্মাত আছে ভিক্টৰ দাস। সেইসময়তে পোহৰলৈ আহিছে এই সাত জন দালালৰ দালালি। ৰাজ্য চৰকাৰে নিকা আৰু স্বচ্ছতাৰে যোৱা ২১ আৰু ২৮ আগষ্টত তৃতীয়, চতুর্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰিছিল। কিন্তু তাৰপিছতে পোহৰলৈ অহা চৰকাৰী চাকৰিৰ এই দালালিৰ ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে।

Category
Profile picture for user UB Photos