মহানগৰীৰ ভৰলুমুখত জঘন্য ঘটনা! ভাড়াঘৰলৈ মাতি আনি উপৰ্যুপৰি ধৰ্ষণ কৰি হত্যাৰ চেষ্টা যুৱকৰ

Rape

মহানগৰীৰ ভৰলুমুখত জঘন্য ঘটনা! ভাড়াঘৰলৈ মাতি আনি উপৰ্যুপৰি ধৰ্ষণ কৰি হত্যাৰ চেষ্টা এজন যুৱকৰ।

সুধিদ চৌধাৰী নামৰ যুৱকজনে এগৰাকী যুৱতীক ভাড়াঘৰলৈ মাতি আনি উপৰ্যুপৰি ধৰ্ষণ কৰি হত্যাৰ ষড়যন্ত্ৰ কৰে।

সুধিদ চৌধাৰীয়ে ফটাশিলৰ আৰ কে চৌধুৰী ৰোডৰ এটা ঘৰত ভাড়াতীয়া হিচাপে আছিল।

জানিব পৰা মতে সুধিদ চৌধাৰীৰ ঘৰ হাৰিয়ানাত আৰু যুৱতীগৰাকীৰ ঘৰ হায়দৰাবাদত। ইতিমধ্যে যুৱতীগৰাকীৰ এজাহাৰ ভিত্তিত ভৰলুমুখ থানাত 203/22 u/s 342/325/376 IPC নং গোচৰ পঞ্জীয়ন হৈছে।

যুৱতীগৰাকীয়ে দিয়া এজাহাৰৰ পিচতে ভৰলুমুখ আৰক্ষীয়ে ক্ষীপ্ৰগতিত আগবঢ়াইছে তদন্ত। সুধিদ চৌধাৰীৰ পৰা জব্দ কৰে AS 01EP 2535 নম্বৰৰ চেন্ট্ৰো গাড়ীএখন, সম্প্ৰতি যুৱকজন পলাতক।

স্থানীয় ৰাইজে জনোৱা অনুসৰি, সুধিদৰ ৰূমলৈ পূৰ্বৰে পৰা অহাযোৱা আছে যুৱতীগৰাকীৰ। হাতীগাৱঁৰ এটা ‘পেয়িং গেষ্ট’ত থাকে যুৱতীগৰাকী।

Category
Profile picture for user UB Photos