নিমিষতে নিঃশেষ হৈ গ'ল এটা পৰিয়াল; কাৰ হিংসাৰ বলি হ'ল একেটা পৰিয়ালৰে ৩ জন লোক?

Murder

শনিবাৰে যোৰহাট জিলাৰ মৰিয়ানী অঞ্চলত দুগৰাকী মহিলাসহ পৰিয়ালৰ তিনিজন সদস্যৰ ৰহস্যজনক অৱস্থাত মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ বাবে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

মৃতলোকসকল একেটা পৰিয়ালৰে বুলি জানিব পৰা গৈছে, জিলাখনৰ খাটিচোনা অঞ্চলত এটা ইটাভাটাৰ ওচৰত তেওঁলোকৰ ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে জানিব দিয়া অনুসৰি মৃতলোক কেইজন স্বামী, পত্নী আৰু কন্যা আছিল।

যদিও তেওঁলোকৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই, প্ৰাথমিক অনুসন্ধানত সন্দেহ কৰা হয় যে পত্নী আৰু কন্যাক সম্ভৱতঃ ধৰ্ষণ কৰি হত্যা কৰা হৈছে।

"পত্নী আৰু কন্যাক অৰ্ধ উলংগ অৱস্থাত পোৱা গৈছিল। মৃত ব্যক্তিজন ইটাভাটাৰ তত্ত্বাৱধায়ক আছিল," আৰক্ষীয়ে কয়।

মৃত পৰিয়ালটো শোণিতপুৰৰ থেলামাৰা অঞ্চলৰ বাসিন্দা আৰু কেইবা মাহ ধৰি মৰিয়ানীত বাস কৰি আছিল। 

বৰ্তমানেও আৰক্ষীৰ তদন্ত চলি আছে পৰবৰ্তী সময়ত জানিব পৰা যাব যে ঘটনাৰ আৰৰ কাৰণ কি? 

Category
Profile picture for user UB Photos