কি ৰাজপথ, কি পদপথ… সকলোফালে কেৱল সাগৰসদৃশ পৰিৱেশ!

Guwahati Flood

যোৱানিশাৰ পৰা মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত এতিয়া কৃত্ৰিম বান। কি ৰাজপথ, কি পদপথ, সকলোফালেই সাগৰসদৃশ পৰিৱেশ।

গেলা পানীৰে ভৰি পৰিছে মহানগৰী। অকল ৰাজপথ অথবা পদপথতেই নহয়, মানুহৰ ঘৰতো সোমাইছে লেতেৰা পানী। মহানগৰীৰ কোনো কোনো স্থানত কঁকাললৈ অহা পানী।

মহানগৰীৰ হাতীগাঁও, কাহিলিপাৰা, জুৰোড, অনিল নগৰ, নবীন নগৰ, চানমাৰি, ৰাজগড়কে ধৰি বিভিন্ন স্থান কৃত্ৰিম বানত বুৰ গৈছে। কিছুমান স্থানত ৰাজপথত একঁকাল পৰ্যন্ত পানী। যাৰ ফলত স্কুলীয়া শিক্ষাৰ্থী, অফিচ–কাচাৰীলৈ যোৱা লোকসকলে যমৰ যাতনা ভুগিবলগীয়া হৈছে।

নিশা হোৱা মূষলধাৰ বৰষুণৰ পিছৰে পৰা কৃত্ৰিম বানৰ সৃষ্টি হয় মহানগৰীৰ ভিন্ন স্থানত। কৃত্ৰিম বানৰ লগতে ভূতৰ ওপৰত দানহ পৰাদি হৈছে ভূমিস্খলন।

ইতিমধ্যে বৰাগাঁৱত ঘৰৰ ওপৰত পাহাৰৰ মাটি ৪জন লোকৰ মৃত্যু হৈছে। শুই থকা অৱস্থাতে মৃত্যু হয় লোককেইজনৰ।

Category
Profile picture for user UB Photos