ভাল খবৰ! শীঘ্ৰে নিযুক্তি হ’ব ২০ হাজাৰ শিক্ষক–শিক্ষয়িত্ৰীৰ

ৰণোজ পেগু

গুৱাহাটীত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ সংবাদমেল। শিক্ষক-শিক্ষয়িত্ৰীৰ বদলি সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষা মন্ত্ৰীৰ।

সংবাদমেল সম্বোধন কৰি মন্ত্ৰী গৰাকীয়ে কয়, ‘‘ৰাজ্যৰ ২ লাখ ২৪ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে অনলাইনযোগে বদলিৰ বাবে আবেদন কৰিছে। ৩০ হাজাৰ শিক্ষকে সম্পূৰ্ণকৈ ডাটা দিছে। বুধবাৰে পুৱা ৯ বজাৰ পৰা পাৰস্পৰিক বুজাবুজিৰ বদলি আৰম্ভ হ’ব। দুজনৰ মাজত স্থান পৰিৱৰ্তনৰ বুজাবুজিৰে বদলিক আমি পাৰস্পৰিক বদলি বুলি ক’ম।’’

একে কেটেগৰীৰ পাৰস্পৰিক বদলিত চৰকাৰৰ কোনো আপত্তি নাই বুলি মন্তব্য কৰি ৰণোজ পেগুৱে কয়, শিক্ষা বিভাগত শীঘ্ৰে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। প্ৰায় ২০ হাজাৰ শিক্ষক-শিক্ষয়িত্ৰীক নিযুক্তি দিব।

আনহাতে, ‘‘মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ্থীৰ বাবে দুই পালি ভেকচিন বাধ্যতামূলক বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীয়ে। স্বাস্থ্য বিভাগে প্ৰাথমিক ছাত্ৰ-ছাত্ৰীৰ বাবে ভেকচিন বাধ্যতামূলক কৰা নাই। অসমৰ সকলো স্কুল খুলিব এতিয়া। বিহু আৰু স্বদেশ অধ্যয়ন পাঠ্যক্ৰমৰ পৰা কেতিয়াও আঁতৰোৱা নহয়।’’ এইকথা ক’লে শিক্ষামন্ত্ৰী গৰাকীয়ে।

Category
Profile picture for user UB Photos