কোৰোণাৰ ভেকচিন লোৱা চাৰ্টিফিকেটৰ পৰা আঁতৰিল মোদীৰ ফটো!

Modi photo

কৰোনাৰ ভেকচিন চাৰ্টিফিকেটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো ব্যৱহাৰকলৈ বহু সময়ত বহু বিতৰ্ক হৈ আহিছে।

আনকি বহু সময়ত বহুৰাজ্যই বাদ দিছে প্ৰধানমন্ত্ৰী মোদীৰ সেই ফটো। উল্লেখ্য় যে, ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। নিৰ্বাচন উপলক্ষে জাৰি কৰা হৈছে নিৰ্বাচনী আচৰণ বিধি। গতিকে কো উইন এপ আৰু ৱেব পৰ্টেলত বিশেষ ফিল্টাৰ লগোৱা হৈছে। যাৰ ফলত ভেকচিনৰ চাৰ্টিফিকেটৰ পৰা প্ৰধানমন্ত্ৰী মোদীৰ ফটো আতঁৰাই দিয়া হব।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা এই ফিল্টাৰ লগোৱা হৈছে কো উইন এপ আৰু পৰ্টেলত।

শনিবাৰে নিৰ্বাচন আয়োগে উত্তৰপ্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুৰ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ দিন ঘোষণা কৰিছিল। সেই অনুসৰি, আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চ পৰ্যন্ত ৰাজ্য কেইখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু ফলাফল ঘোষণা হ'ব ১০ মাৰ্চত।

উল্লেখ্য যে, যোৱা বছৰৰ পৰা কোৰোণা ভাইৰাছৰ টিকা দিয়া আৰম্ভ হৈছে। সেই টিকাৰ প্ৰমাণ পত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ফটো দিয়া হৈছিল। কিন্তু উত্তৰপ্ৰদেশসহ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে এই ৰাজ্যকেইখনৰ টিকাৰ প্ৰমাণপত্ৰত সাল-সলনি কৰা হৈছে। 

Category
Profile picture for user UB Photos