মাংস খাই ভাল পোৱা লোকে KFC বুলিলে ৰবই নোৱাৰে।
কিন্তু এগৰাকী মহিলাই মনপচন্দৰ KFCৰ পৰা চিকেন অৰ্ডাৰ কৰি তিক্ত অভিজ্ঞতাৰ সন্মুখীন হয়। এই ঘটনাৰ ফটো শ্বেয়াৰ কৰিলে ছচিয়েল মিডিয়াত।
KFC খাদ্য প্ৰস্তুতকাৰী কোম্পানীটোয়ে খাদ্যত ভেজাল কৰাৰ খবৰ আমি বহুবাৰ শুনিছো। কিন্তু এইগৰাকী মহিলায়ে KFCৰ খাদ্যত এনেকুৱা এটা বস্তু পালে যিটো দেখি আচৰিত হৈ পৰে তেওঁ। KFCৰ চিকেন অৰ্ডাৰ কৰি তেওঁৰ যি অভিজ্ঞতা হ’ল সেয়া হয়তো তেওঁ জীৱনত পাহৰিব নোৱাৰিব। তেওঁ অৰ্ডাৰ কৰা ফ্ৰেছ কেএফচি হট উইংছ (KFC Hot Wings)ৰ বাকচত চিকেনৰ সম্পূৰ্ণ মূৰ এটা পালে য’ত চিকেনৰ ঠোট, চকু দেখা গৈছে। KFCৰ ৰেগুলাৰ গ্ৰাহক গেব্ৰিয়েলে ছাউথৱেষ্ট লণ্ডনৰ টুইকেনহামত KFCৰ ফেলথামৰ পৰা অৰ্ডাৰ কৰিছিল।
তেওঁ খাদ্যৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে আৰু লগতে লিখে যে, ‘‘মই নিজৰ হট উইং মিলৰ অৰ্ডাৰত ফ্ৰাইড চিকেন হেড পালো। যাৰ কাৰণে মই সম্পূৰ্ণৰূপে খাদ্যৰ আনন্দ ল’ব নোৱাৰিলো।’
- Log in to post comments