আজিৰে পৰা যান-বাহন চলাচলৰ ক্ষেত্ৰত নতুন নিয়মঃ কি নিৰ্দেশনা জাৰি কৰিলে মহানগৰ যান-বাহন শাখাই?

New Traffic Guidelines in Guwahati

অসমলৈ আহিব ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু। দেওবাৰে গুৱাহাটীত উপস্থিত হ’ব উপ-ৰাষ্ট্ৰপতিগৰাকী। এদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব ভেংকায়া নাইডু।

উপ-ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰত যান-বাহনৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নিৰ্দেশনা। মহানগৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্তই জাৰি কৰা এই নিৰ্দেশনা অনুসৰি ৩,৪ আৰু ৫ অক্টোবৰত গুৱাহাটীৰ ৩৭ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ থাকিব সকলো গধুৰ যান-বাহনৰ চলাচল। ৩ অক্টোবৰত পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ আৰু ৪ অক্টোবৰত পুৱা ৫ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ বন্ধ থাকিব গধুৰ বাহনৰ চলাচল।

আনহাতে, আজি পুৱা ৬ বজাৰ পৰা ডিজি ৰ’ড, এম জি ৰ’ড, তৈবুল্লাহ ৰ’ড, জি এন বি ৰ’ড, বি বৰুৱা ৰ’ড, জি এছ ৰ’ড আৰু পাঞ্জাবাৰী ৰ’ডত সকলো বাণিজ্যিক বাহনৰ চলাচল বন্ধ আছে। এই পথসমূহেৰে যাতায়াত এৰাই চলিবলৈ ৰাইজক অনুৰোধ জনাইছে মহানগৰ যান-বাহন শাখাই। ভৰলুমুখৰ পৰা যশৱন্ত ৰোড হৈ HB ৰোড হৈ চান্দমাৰীলৈ যাব পাৰিব।

উজান বজাৰৰ দিশৰ পৰা মাছখোৱাৰ দিশলৈ যোৱা যান-বাহন সমূহে ডিচি কোৰ্ট পইণ্টৰ পৰা কমিচনাৰৰ পইণ্টৰ দিশে গতি কৰি এইচ বি ৰ’ড আৰু জে চি দাস ৰ’ড হৈ এম জি ৰ’ডৰ দিশে গতি কৰিব পাৰিব। এই নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান গুৱাহাটী মহানগৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্তৰ ৷

উল্লেখ্য যে, আজি গুৱাহাটীত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সোমবাৰে মেঘালয়লৈ যাব উপ-ৰাষ্ট্ৰপতিগৰাকী।

Category