M Venkaiah Naidu

অসমলৈ আহিব ভাৰতৰ উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু। দেওবাৰে গুৱাহাটীত উপস্থিত হ’ব উপ-ৰাষ্ট্ৰপতিগৰাকী। এদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ আহিব ভেংকায়া নাইডু।

উপ-ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰত যান-বাহনৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নিৰ্দেশনা। মহানগৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্তই জাৰি কৰা এই নিৰ্দেশনা অনুসৰি ৩,৪ আৰু ৫ অক্টোবৰত গুৱাহাটীৰ ৩৭ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ থাকিব সকলো গধুৰ যান-বাহনৰ চলাচল। ৩ অক্টোবৰত পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ আৰু ৪ অক্টোবৰত পুৱা ৫ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ বন্ধ থাকিব গধুৰ বাহনৰ চলাচল।