ঘৰৰ পাছফালৰ বাৰীত থকা বাঁহজোপা হ’ব পাৰে আপোনাৰ জীৱিকাৰ সম্বল

Construction of 'Bio-ethanol project

এতিয়াৰে পৰা আপোনাৰ ঘৰৰ পাছফালে থকা বাঁহগছ জোপাও হ’ব আপোনাৰ জীৱিকা নিৰ্বাহৰ সম্বল। কাৰণ গোলাঘাটৰ নুমলীগড়ত নিৰ্মান সম্পূৰ্ণ হ’ল দেশৰ ভিতৰত প্ৰথমটো সৰ্ববৃহৎ বায় ৰিফাইনেৰী প্ৰকল্প । য’ত প্ৰস্তুত হ’ব বাহৰ পৰা ইথানেল লগতে তিনি বিধ বায় প্ৰডাক্ট। ইয়াৰ পৰা লাভাম্বিত হ’ব হাজাৰ হাজাৰ কৃষক। টনকিয়াল হ’ব গ্ৰাম্য অৰ্থনীতি।

অসম চুক্তিৰ আধাৰত লাভ কৰা নুমলীগড় তেল শোধনাগাৰত নৱ সংযোজন হৈছে অসম বায় ৰিফাইনেৰী প্ৰকল্প।৩৪ একৰৰ ভূমি সামৰি হোৱা এই বৃহৎ বায় ৰিফাইনেৰী প্ৰকল্পত ব্যয় হৈছে প্ৰায় ৪০০০ কোটি টকা। ২০১৯ বৰ্ষ ৯ ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰ শিলা কৰা এই বৃহৎ প্ৰকল্পটো এতিয়া সম্পূৰ্ণ হৈ উঠিছে।

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনৰ এই বায় ৰিফাইনেৰী প্ৰকল্পত বছৰি ৫ লাখ বাঁহ প্ৰয়োজন হ’ব আৰু এই বাঁহৰ পৰাই বছৰি
Ethanol -49000 মেট্ৰিক টন
Furfurl–19000 মেট্ৰিক টন
Acetic Acid-11000 মেট্ৰিক টন
Liquid CO2-32000 মেট্ৰিক টন আৰু
শক্তি উৎপাদন হব ২৫ মেগাৱাট। এই প্ৰকল্পত বছৰি ২০০ কোটি টকাৰ বিনিয়োগ হ’ব। য’ৰ পৰা খেতিয়ক,বাঁহ যোগানকাৰী আৰু পৰিবহনকে ধৰি প্ৰত্যক্ষ আৰু পৰোক্ষভাবে লাভাম্বিত হ’ব।

আনফালে এই বায় ৰিফাইনেৰীত প্ৰথম পৰ্যায়ত প্ৰায় ৩০ হাজাৰ খেতিয়ক আৰু ৩৫০০ নিবনুৱা পৰোক্ষভাৱে সংস্থাপন লাভ কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বায়ু ৰিফাইনেৰী প্ৰকল্প উদ্বোধন কৰা।এই প্ৰকল্পৰ ফলত পৰিবেশ অনুকুল কৰা Crude Oil ক্ৰয় কৰাত খৰচ কমাৰ লগতে খেতিয়ক তথা গ্ৰাম্য অৰ্থনীতি অধিক টনকিয়াল হোৱাত সহায়ক হ’ব।

Category