কৰুণ, হৃদয়বিদাৰক! পিতৃৰ শ্ৰাদ্ধৰ দিনাই জ্বলিল পুত্ৰৰ চি*তা...

dhakuwakhana

কৰুণ, হৃদয় বিদাৰক! ঢকুৱাখনা মহেমাৰী গাঁৱত সংঘটিত এক হৃদয়বিদাৰক ঘটনা। পিতৃৰ শ্ৰাদ্ধৰ দিনাই জ্বলিল পুত্ৰৰ চিতা। এই ঘটনাই হৃদয় কঁপাইছে সমগ্ৰ অঞ্চলবাসীক। 

উল্লেখ্য যে, এক হৃদয়বিদাৰক ঘটনাই শোকাছন্ন কৰি তুলিছে ঢকুৱাখনাত। স্বৰ্গগামী পিতৃৰ আত্মাৰ শান্তিৰ বাবে নিজে শ্ৰাদ্ধৰ আয়োজন কৰি অৱশেষত পিতৃৰ পথেৰেই পথিক হ'ব লগা হ'ল ঢকুৱাখনা মহেমাৰী গাঁওৰ এজন পুত্ৰ। ঢকুৱাখনা মহেমাৰী গাঁওৰ প্ৰয়াত অনিল গগৈৰ মৃত্যু তিথি উপলক্ষত তেওঁৰ পুত্ৰ শিৰোমণি গগৈয়ে বুধবাৰে আয়োজন কৰিছিল বছেৰেকীয়া শ্ৰাদ্ধৰ।

শ্ৰাদ্ধৰ আয়োজন কৰি থকাৰ মাজতে মঙলবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰে শিৰোমণি গগৈ। আত্মীয় স্বজনৰ সহযোগিতাত চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যুক আঁকোৱালি লয় যুৱকজনে। ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ দ্বিতীয় ষান্মাষিকৰ ছাত্ৰ, অতি অমায়িক শিৰোমণি গগৈৰ এনে আকস্মিক বিয়োগত শোকৰ বন্যা বৈছে জন্মভূমি মহেমাৰী গাঁওৰ লগতে শিক্ষানুষ্ঠানখনত।
 

Category