ধিক্কাৰ! অবিবাহিত বাবেই সৎকাৰত বাধা এগৰাকী মৃত মহিলাক, কিন্তু কিয়?

darrang

আধুনিকতাৰ নামত যেন কেৱল সাজোন-কাচোনত হে আধুনিক হৈছে আমাৰ সমাজখন। বহু সংখ্যক ঠাইত এতিয়াও সেই আওপুৰণি সমাজ ব্যৱস্থা, ৰীতি-নীতি মাজতে সীমাবদ্ধ। আকৌ এবাৰ ধিক্কাৰ এই সমাজ ব্যৱস্থাক। 

এইখন অসমতে সংঘটিত এক হৃদয় বিদাৰক ঘটনা। পুনৰ মানৱ সমাজক লজ্জানত কৰাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। দৰঙৰ পিঠাখোৱাপাৰাত সংঘটিত হৈছে এই নিৰ্মম ঘটনা। 

উল্লেখ্য যে, সামাজিক সংকীৰ্ণতাৰ বাবেই অবিবাহিত হিন্দু মহিলা এগৰাকীৰ সৎকাৰত বাধা। মৃতদেহ সৎকাৰৰ বিপৰীতে পুতি থ’বলৈ বাধ্য হ’ল ভুক্তভোগী পৰিয়ালে। 

শাৰীৰিক অসুস্থতাৰ বাবে সোমবাৰে মৃত্যু হৈছিল পাৰুল ডেকা নামৰ এগৰাকী ৬০ ঊৰ্ধ্বৰ অবিবাহিত মহিলাৰ। অবিবাহিতা হোৱাৰ বাবেই মহিলাগৰাকীৰ মৃত্যুৰ পিছত মৃতদেহ সৎকাৰ কৰিবলৈ ওলাই নাহিল গাঁওখনৰ এজনো লোক। 

অৱশেষত উপায়ন্তৰ হৈ পৰিয়ালটোৰে দুজন লোকে মৃতদেহ পুতি থ’লে শ্মশানত। এইক্ষেত্ৰত স্থানীয় গাঁওপ্ৰধান ৰাজীৱ বণিয়াৰ বিৰুদ্ধেও নিৰ্লিপ্ত ভূমিকাৰ অভিযোগ। ঘটনা সংঘটিত হোৱাৰ তিনিদিন উকলি যোৱাৰ পিছতো আজিলৈ উপস্থিত হোৱা নাই গাঁওপ্ৰধানগৰাকী। 

ভুক্তভোগি পৰিয়ালে এইক্ষেত্ৰত ন্যায় বিচাৰিছে যদিও সহায়ৰ বাবে আগবাঢ়ি অহা নাই কোনো এজন। 

Category