‘এক দেশ এক নিৰ্বাচনী’ প্ৰস্তাৱত অনুমোদন কেবিনেটৰ....

modi

মোদী 3.0 কাৰ্যকালতেই দেশত অন্যতম নিৰ্বাচনী সংস্কাৰ
‘এক দেশ এক নিৰ্বাচনী’ প্ৰস্তাৱত অনুমোদন কেবিনেটৰ
প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ প্ৰতিবেদনত অনুমোদন কেবিনেটৰ
আগন্তুক শীতকালীন অধিৱেশনত সংসদত উত্থাপন হ’ব বিধেয়ক


২০১৪ চনৰ নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীয়ে দিছিল এই প্ৰতিশ্ৰুতি
২০২৩ চনৰ ২ ছেপ্টেম্বৰত প্ৰাক্তন ৰাষ্ট্ৰপতিৰ অধ্যক্ষতাত গঠন হৈছিল কমিটী
২০২৯ত দেশৰ সাধাৰণ নিৰ্বাচনত কাৰ্যকৰী হ’ব এই সিদ্ধান্ত
লোকসভা, বিধানসভা আৰু স্থানীয় নিকায়সমূহৰো হ’ব পাৰে এটাই নিৰ্বাচন

প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ অধ্যক্ষতাত গঠিত ৮জনীয়া কমিটীত বিশিষ্ট অধিবক্তা হৰিশ চালভে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অধিৰ ৰঞ্জন চৌধুৰী, জম্মু–কাশ্মীৰৰ নেতা গুলাম নৱী আজাদ, বিত্ত আয়োগৰ প্ৰাক্তন অধ্যক্ষ এন কে সিং, লোকসভাৰ প্ৰাক্তন সচিবপ্ৰধান ডাঃ সুভাষ কাশ্যপ আৰু ভিজিলেঞ্চ কমিছনৰ প্ৰাক্তন মুৰব্বী সঞ্জয় কোঠাৰি আছিল অন্যতম। এই কমিটীৰ পৰামৰ্শ প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় কেবিনেট কমিটীয়ে গ্ৰহণ কৰে এই গুৰুত্বপূ্ৰ্ণ সিদ্ধান্ত।

Category