মাজুলীবাসীক লৈ ইমান নিকৃষ্ট ৰাজনীতি কাৰ?....

majuli

মাজুলীবাসীক লৈ ইমান নিকৃষ্ট ৰাজনীতি কাৰ?
কেৱল নিৰ্বাচনী টোপেই হ’ল নেকি যোৰহাট-মাজুলী সংযোগী দলং?
অনিৰ্দিষ্টকাললৈ বন্ধ যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য

টালি-টোপোলা বান্ধি ঘৰলৈ উভতিল শতাধিক শ্ৰমিক। যুটীয়া নিৰ্মাণকাৰী সংস্থাৰ আভ্যন্তৰীণ কন্দলৰ চূড়ান্ত পৰিণতি। প্ৰায় তিনিমাহ ধৰা এই আভ্যন্তৰীণ কন্দলৰ এতিয়া যেন বহিঃপ্ৰকাশ ঘটিল। ৯২৫ কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা এই দলংৰ ৭১টা খুটাৰ ভিতৰত ২২টা খুঁটাৰ কাম কৰিয়েই তালি–টোপোলা বান্ধি গুচি গ’ল শ্ৰমিক। 

ঠিকাদাৰী প্ৰতিষ্ঠানৰ খাম-খেয়ালিৰ বাবেই নিৰ্মাণকাৰ্য বন্ধ হৈ পৰাত এতিয়া দলং নিৰ্মাণস্থলীত নিমাওমাও পৰিৱেশ।
যুটীয়া নিৰ্মাণকাৰী সংস্থাৰ আভ্যন্তৰীণ কন্দল, তথা পুঁজিক লৈ হোৱা কন্দলৰ বাবে বন্ধ এতিয়া যোৰহাট-মাজুলী সংযোগী দলংৰ নিৰ্মাণৰ কাম ৪ বছৰৰ ভিতৰত মাজুলীৰ দলং নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে দিছিল প্ৰতিশ্ৰুতি। দলঙৰ কাম–কাজ নিৰীক্ষণৰ বাবে মন্ত্ৰীগোট গঠনৰো আছিল প্ৰতিশ্ৰুতি। কিন্তু সকলো যেন অসাৰ।  

এতিয়া প্ৰশ্ন হয়, মাজুলীবাসীৰ সপোনৰ এই দলং খনক লৈ আৰু কিমান হেতালি খেলিব চৰকাৰে? কংগ্ৰেছৰ প্ৰতিশ্ৰুতিৰ পৰা বিজেপিৰ পৰিৱৰ্তনৰ শ্ল’গানলৈ কেৱল আশাৰ মাজতে বন্দী হৈ ৰ’ল মাজুলীবাসীৰ সপোন। 
 

Category