পাইলছৰ পৰা পৰিত্ৰাণ পাবলৈ নিতৌ খাওঁক ৰুটি, সবিশেষ জানো আহক....

Health tips

পাইলছত ভুগাজনে অনুভৱ কৰিব পাৰে, ইয়াৰ যন্ত্ৰণা কিমান কষ্টদায়ক! এই ৰোগত আক্ৰান্ত হোৱাৰ প্ৰাথমিক লক্ষণ্যটো হৈছে কোষ্ঠকাঠিন্য বা শৌচৰ লগত তেজ যোৱা। তদুপৰি এই সমস্যা আৰম্ভ হোৱাৰ লগে লগে মলদ্বাৰত জ্বলা-পোৰা, খজুৱতি, বিষ আদিৰ অনুভৱ হয়। সময়মতে যদি এই ৰোগৰ চিকিৎসা কৰা নহয় তেন্তে পিছলৈ মাৰাত্মক ৰোগে দেখা দিয়ে। 

অৱশ্যে, পাইলছ ৰোগে এদিনতে হোৱা বেমাৰ নহয়। দীৰ্ঘদিন ধৰি কোষ্ঠকাঠিন্য হৈ থাকিলে আৰু তাৰ কোনো চিকিৎসা নকৰিলে, পিছলৈ পাইলছ ৰোগৰ সৃষ্টি হয়। সেয়েহে কোষ্ঠকাঠিন্য থকা ব্যক্তিসকলে নিজৰ খাদ্যাভাসত মনোযোগ দিয়া উচিত।

কোষ্ঠকাঠিন্য থকা ব্যক্তিসকলে মচলাযুক্ত খাদ্য, ধুমপান, মদ্যপাণ আদি বেয়া অভ্যাসৰ পৰা নিজকে আতৰাই ৰাখিব লাগে। গতিকে, আজি জানো আহক যে, পাইলছ থাকিলে নিজৰ খাদ্যৰ তালিকাত কি কি অন্তভুক্ত কৰিব লাগে?

পানী - পাইলছৰ সমস্যা থাকিলে নিতৌ ৩ লিটাৰকৈ পানী খাব লাগে। লগতে কোষ্ঠকাঠিন্য থকা ব্যক্তিসকলে পানী খোৱাৰ পৰিমাণ বৃদ্ধি কৰিব লাগে।

ৰুটি - পাইলছৰ সমস্যা থাকিলে ৰাতি ভাত খোৱাৰ সলনি আটাৰ ৰুটি খাব লাগে। আটাত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যিয়ে এই সমস্যাৰ পৰা সমাধান পোৱাত কিছু সকাহ দিয়ে।

ওটছ - আজিকালি প্ৰায়ভাগ লোকেই পুৱাৰ আহাৰত ওটছ খায়। মধুমেহ থকা লোক সকলৰ বাবে ওটছ অতিকৈ উপকাৰী। ওটছত ফাইবাৰ থাকে। পাইলছ ৰোগীৰ ক্ষেত্ৰতো ওটছ অতিকৈ উপকাৰী।

ফলমূল-পাচলি - নিতৌ শাক-পাচলিৰ লগতে ফলমূল খোৱা অভ্যাস কৰিব লাগে। এইবোৰ খাদ্য প্ৰাকৃতিকভাৱে পুষ্টিকৰ।  ফলমূল-পাচলিয়ে কোষ্ঠকাঠিন্যৰ সমস্যা দৃৰ কৰাৰ লগতে পাইলছ ৰোগ নিৰাময় হোৱাত সহায় কৰে।

Category