লোমহৰ্ষক! প্ৰথমে পত্নীক হত্যা, শেষত চৰম সিদ্ধান্ত আৰক্ষী কনিষ্টবল বসন্ত শইকীয়াৰ....

Lakhimpur

এক লোমহৰ্ষক হত্যাকাণ্ডই কপাঁই তুলিছে সমগ্ৰ ৰাজ্য। লখিমপুৰৰ বৰবচাত সংঘটিত এই ঘটনা। ঘটনাৰ বিবৰণ অনুসৰি, প্ৰথমে পত্নীক হত্যা কৰি শেষত চৰম পন্থা বাছি লয় এগৰাকী আৰক্ষী কনিষ্টবলে। আৰক্ষী কনিষ্টবলগৰাকীৰ নাম বসন্ত শইকীয়া বুলি জানিব পৰা গৈছে। 

জানিব পৰা মতে, বসন্ত শইকীয়া নামৰ আৰক্ষী কনিষ্টবলগৰাকীয়ে সোমবাৰে পুৱা পত্নী হীৰা শইকীয়াক দাৰে ঘপিয়াই হত্যা কৰাৰ পাছত নিজেও চৰম সিদ্ধান্ত গ্ৰহণ কৰে। স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, পতী-পত্নী দুয়োৰে মাজত কিছুদিন ধৰি মনোমালিন্য চলি আছিল। খবৰ অনুসৰি, দুয়োৰে মৃতদেহ ঘৰৰ কোঠাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ।

Category