সোমবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যত দেশৰ উচ্চ শিক্ষানুষ্ঠানৰ ৰেংকিঙত জিলিকিল অসমৰ শিক্ষানুষ্ঠান। দেশৰ শীৰ্ষ ১০০ৰ মাজত ৰাজ্যৰ ৩ খন শিক্ষানুষ্ঠান।
২০২৪ বৰ্ষৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানৰ ভিন্ন ক্ষেত্ৰৰ ৰেংকিঙৰ তালিকাত উজলি উঠিছে গুৱাহাটী IIT, গুৱাহাটী বিশ্ববিদ্যালয় আৰু শিলচৰ NITৰ।
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰা এই তালিকাত উত্তৰ-পূবৰ প্ৰথমখন বিশ্ববিদ্যালয় গুৱাহাটী IIT ৰ স্থান সামগ্ৰিক শাখাত নৱম স্থানত আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থান সামগ্ৰিক শাখাত ৫৭নং স্থানলৈ উন্নীত হৈছে। পূৰ্ব বৰ্ষৰ ৮৮ সংখ্যক স্থানৰ পৰা এইবাৰ ৫৭ স্থানলৈ উন্নীত হৈছে।
আনহাতে, ৯২নং স্থান দখল কৰিছে শিলচৰ NIT য়ে। ৩ শিক্ষানুষ্ঠানক এই ৰেংকিং কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ।
- Log in to post comments