ক’ত হেৰাল সুৰৰ যাদুকৰ ৰমেন বৰুৱা? ৪ দিনে কোনো খবৰ নাই শিল্পীগৰাকীৰ.....

ramen baruah

চাওঁতে চাওঁতে আজি ৪ টা দিন উকলি গ'ল, তথাপি সন্ধান উলিয়াব পৰা নাই বিশিষ্ট সংগীতজ্ঞ ৰমেন বৰুৱাৰ। ক’ত হেৰাল সুৰৰ যাদুকৰ ৰমেন বৰুৱা। ৰমেন বৰুৱাৰ নিৰুদ্দেশক লৈ উদ্বিগ্নতা পৰিয়াল, গুণমুগ্ধৰ মাজত। শিল্পীগৰাকীৰ সন্ধানত মহানগৰীৰ জলে-স্থলে আৰক্ষীৰ অভিযান।

ব্ৰহ্মপুত্ৰৰ বুকুত NDRF-SDRFৰ অভিযান অব্যাহত। শুৱালকুছিৰ ব্রহ্মপুত্রৰ ৰাজঘাটতো অভিযান SDRF ৰ লগতে ধুবুৰীৰ ভাৰত-বাংলা সীমান্তলৈকে SDRFৰ অভিযান।

বুধবাৰে ঘটনা সন্দৰ্ভত CP দিগন্ত বৰাৰ সংবাদমেল। পাৰিবাৰিক কাৰণত মানসিক আঘাত পাইছিল ৰমেন বৰুৱাই। নদীৰ ফালৰ পৰা ওভতাৰ কোনো ফুটেজ নাই। একাংশৰ অপপ্ৰচাৰক লৈ ক্ষোভ ভাতৃ দ্বীপেন বৰুৱা।

Category